/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/6c94fe6e-3a01-4cca-9989-3202a4e0f933/AP_FOR_WEBDuliyajan.jpg)
ডিজিটেল সংবাদ, টেঙাখাত: ৰংচঙী গাঁও পঞ্চায়তক ১১৮ নং দুলিয়াজান বিধানসভা সমষ্টিৰ পৰা পৃথক কৰিব বিচৰা কাৰ্যৰ বিৰোধিতাৰে পাখৰীজনীয়া গাঁৱৰ "মুকুল ফুকন" ৰঙ্গমঞ্চত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। অঞ্চলটোৰ ৰাইজ তথা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাৰ সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বিদ্যাধৰ ফুকনে।
আহ্বায়ক দ্বীপনজ্যোতি ফুকন, ত্ৰৈলোক্য গগৈয়ে আঁতধৰা সভাখনিত অৱসৰপ্ৰাপ্ত শিক্ষক লীলাম্বৰ গগৈ, সদানন্দ গগৈ, ৰংচঙী গাঁও পঞ্চায়তৰ সভাপতি জিণ্টু বৰা, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাজেন গগৈ, সমাজকৰ্মী দ্বীবন ফুকন, প্ৰাক্তন ছাত্ৰ নেতা কুচেব দুৱৰা, টেঙাখাত ব্লক কংগ্ৰেছৰ সভাপতি গৌতম গগৈ, ডিব্ৰুগড় জিলা টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক ৰূপম গগৈ, অগপৰ নেতা হিৰণ্য সোনোৱাল আদিয়ে বক্তব্য ৰাখে।
লগতে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীয়ে ৰংচঙী গাঁও পঞ্চায়তক দুলিয়াজান বিধান সভা সমষ্টিৰ পৰা পৃথক কৰিব বিচৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰে। উক্ত সভাতে "ৰংচঙী গাঁও পঞ্চায়ত"ক ১১৮ নং দুলিয়াজান বিধান সভা সমষ্টিৰ পৰা পৃথক কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰি এই ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজৰ স্বাক্ষৰ সম্বলিত আবেদন উৰ্ধতম কৰ্তৃপক্ষক প্ৰদান কৰে। তদুপৰি প্ৰতিবাদী কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে ঐক্যমত পোষণ কৰি সৰ্বসন্মত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়।