/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c2f52933-81ba-4eac-8194-1db8aedc4d35/180.jpg)
ডিজিটেল সংবাদ,টেঙাখাত : ডিব্ৰুগড় জিলাৰ গন্ধিয়া ভাজনী গাঁও পঞ্চায়তৰ অধীনৰ চম্পক নগৰ অঞ্চলৰ জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী গঢ়ি তোলে। সোমবাৰে বৃহত্তৰ অঞ্চলটোৰ পুৰুষ-মহিলা কিশোৰ-কিশোৰীকে ধৰি ভালেসংখ্যক ৰাইজে প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়।
উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোৰ অইলৰ হাতীআলি ই পি এচৰ পৰা আৰম্ভ হৈ কুঁহিয়াৰবাৰীলৈ প্ৰায় ডেৰ কিলোমিটাৰ দৈঘ্যৰ পথছোৱাৰ অৱস্থা একেবাৰে শোচনীয়।চম্পক নগৰৰ উক্ত পথছোৱাত ৰাইজে দিনৰ প্ৰায় ১১ বজাত সমবেত হৈ বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
তেৰচ গোৱালা মুৰ্দাবাদ, ৰামেশ্বৰ তেলী মুৰ্দাবাদ, গাঁও পঞ্চায়ত মুৰ্দাবাদ আদি বিভিন্ন প্ৰতিবাদী শ্ল'গান দি উত্তাল পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। এই প্ৰতিবাদী কাৰ্য্যসূচীৰ নেতৃত্ব দিয়ে- চম্পক নগৰ উন্নয়ন সমিতিৰ সভাপতি ৰিবাৰ্ডেন টপ্প, সম্পাদক কেশন লাকড়া,আচিম ভূমিজ, সঞ্জীৱ পাটৰ,মেচচিউ মিনচ্, ৰাজা ভূমিজ, বিমল পাটৰ, ৰীনা ভূমিজ,আদিয়ে।
প্ৰতিবাদী ৰাইজে ধৰ্ণা দি পথটো পৰিভ্ৰমণ কৰাৰ অন্তত কয় যে,অনতি পলমে জৰাজীৰ্ণ পথটো নিৰ্মান নকৰিলে পৰৱৰ্তী সময়ত জংগী প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব। লগতে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰে ।
উল্লেখ্য যে,উক্ত পথছোৱাৰ ফলত ছাত্ৰ ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজে যাতায়তত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে। চম্পকনগৰ গাঁৱৰ পথটো যোৱা বিধানসভা নিৰ্বাচনৰ আগত অৰ্থাৎ ২০১৯ চনৰ ৬ মাৰ্চত স্থানীয় বিধায়কে এচ অ পি ডি আঁচনিত নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল।
কিন্তু ৩ বছৰ অতিক্ৰম হৈ যোৱাৰ পিছতো কোনো কাম নহ'ল বুলি আক্ষেপ প্ৰকাশ কৰে । ভুক্তভোগী ৰাইজে স্থানীয় বিধায়কক স্মাৰক পত্ৰ দিয়াৰ পিছতো কোনো ফলাফল লাভ কৰা নাই বুলি মন্তব্য কৰে। ইফালে দুলিয়াজান অইল কৰ্তৃপক্ষকো আবেদন কৰি সুফল পোৱা নাই ।
Also Read: ৬০ বছৰীয়া ব্যক্তিয়ে যৌন নিৰ্যাতন চলালে কিশোৰীক! গ্ৰেপ্তাৰ...