খুমটাই উপ-জিলাৰ সদৰ স্থাপনৰ দাবীৰে মৰঙিত উত্তাল প্ৰতিবাদ

খুমটাই উপ-জিলাৰ সদৰ স্থাপনৰ দাবীৰে মৰঙিত উত্তাল প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
খুমটাই উপ-জিলাৰ সদৰ স্থাপনৰ দাবীৰে মৰঙিত উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, নুমলীগড়: নুমলীগড়ৰ পাৰ্শ্বৱৰ্তী মৰঙিৰ ৰাজহ চক্ৰ বিষয়াৰ কায্যালয়ৰ সন্মুখৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে মৰঙি ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মৰঙিত খুমটাই উপ-জিলাৰ সদৰ স্থাপনৰ দাবীত সহস্ত্ৰাধিক ৰাইজে মৰঙিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

মৰঙি ৰাজহ চক্ৰ কাৰ্যালয়, উন্নয়ন খণ্ড কাৰ্যালয় আৰু মৰঙি সংহত শিশু উন্নয়ন প্ৰকল্প আদি প্ৰশাসনিক কাৰ্যালয় সমূহ মৰঙিতে বাহাল ৰখাৰ দাবীত বিভিন্ন দল-সংগঠন, পুৰুষ-মহিলা, বিভিন্ন ৰাজনৈতিক অ-ৰাজনৈতিক দলৰ লোকে একেখন মঞ্চত ঐক্যবদ্ধ হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Also Read: মধুপুৰ সত্ৰক লৈ সামাজিক মাধ্যমত কোনে চলাইছে অপপ্ৰচাৰ ?

numoligorh