ডিজিটেল সংবাদ ডিব্ৰুগড়ঃ 'খোজ অসম'ৰ উদ্যোগত ডিব্ৰুগড়ৰ নিৰ্মালী গাঁও খেলপথাৰত হৈ থকা ষষ্ঠ ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত ২২ ডিচেম্বৰ তাৰিখে আবেলি পৰিবেশ বিষয়ক কবিতা পাঠ আৰু বক্তৃতাৰ এটি মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। পৰিৱেশতন্ত্ৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ উদ্দেশ্যেৰে সমগ্ৰ বিশ্বজুৰি আৰম্ভ হোৱা পৰিবেশ সম্পৰ্কীয় কাব্য আন্দোলনৰ লগত সংগতি ৰাখি অসমতো কবিতা অধ্যয়ন গোটে যোৱা কেইবছৰমানৰপৰা এনে কবিতাৰ চৰ্চা কৰি আহিছে।
তাৰেই অংশ হিচাপে আয়োজিত উক্ত অনুষ্ঠানত অসমৰ বিশিষ্ট কবি ক্ৰমে চেনীৰাম গগৈ, শ্বৰিফা খাতুন চৌধুৰী, বীৰেন গগৈ, অনিৰ্বাণ দত্ত, গোপালচন্দ্ৰ হাজৰিকা, প্ৰণতি গগৈ, ফৰিদা আহমেদ আৰু নেপালী ভাষাৰ কবি দেবেন চাপকোটাই পৰিবেশ সম্পৰ্কীয় কবিতা পাঠ কৰে। এনে কবিতাৰ প্ৰাসংগিকতা বিষয়ক বক্তৃতাটি প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° লক্ষীপ্ৰিয়া গগৈয়ে।
ড° গগৈয়ে নিজৰ বক্তৃতাত পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণত কবিসকলে পালন কৰিব পৰা ভূমিকাৰ বিষয়ে সবিস্তাৰে আলোচনা কৰে। পোয়েট্ৰী উইডাউট ফীয়েৰে প্ৰকাশ কৰা কবি অনিৰ্বাণ দত্তৰ 'গছ আৰু অন্য কবিতা' নামৰ পৰিবেশ সম্পৰ্কীয় কবিতাৰ সংকলনটি উন্মোচন কৰে কবি, অনুবাদক ড° কল্যাণ ভূঞাই।
উন্মোচনী ভাষণত ড° ভূঞাই পৰিবেশ সম্পৰ্কীয় কবিতাই পাঠকৰ মনত পৰিৱেশ চেতনা জাগ্ৰত কৰাত কেনেকৈ সহায় কৰিব পাৰে সেই সম্পৰ্কে আলোচনা কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সামূহিক অনাতাঁৰ কেন্দ্ৰ ৰেডিঅ' জ্ঞানমালিনীৰ অনুষ্ঠান কাৰ্যৱাহী স্বপ্নালী ভূঞাই আঁত ধৰা অনুষ্ঠানটিৰ আদৰণি ভাষণ প্ৰদান কৰে কবি, অনুবাদক, লেখক প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে।
উক্ত অনুষ্ঠানতে পৰিৱেশ সংৰক্ষণ কৰ্মী জয়ন্ত গগৈক সম্বৰ্ধনা জনোৱা হয়। ২০২০ চনৰপৰা এটা দিনো বাদ নপৰাকৈ সদায় বিভিন্ন ঠাইত একোটাকৈ গছপুলি ৰোপণ কৰি অহা গগৈয়ে অনুষ্ঠানত ভাগ লোৱা কবি আৰু বক্তাসকলক একোটাকৈ গছপুলি উপহাৰ দিয়ে।