চাবুৱাত লুৰীণজ্যোতি গগৈৰ হৈ বিৰোধী ঐক্যমঞ্চৰ ব্যতিক্ৰমী প্ৰচাৰ

চাবুৱাত লুৰীণজ্যোতি গগৈৰ হৈ বিৰোধী ঐক্যমঞ্চৰ ব্যতিক্ৰমী প্ৰচাৰ

author-image
Asomiya Pratidin
New Update
চাবুৱাত লুৰীণজ্যোতি গগৈৰ হৈ বিৰোধী ঐক্যমঞ্চৰ ব্যতিক্ৰমী প্ৰচাৰ

ডিজিটেল সংবাদ,চাবুৱাঃ ডিব্ৰুগড় লোকসভা সমষ্টিত গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ। চাবুৱা -লাহোৱাল সমষ্টিৰ অন্তৰ্গত গাঁৱসমূহত প্ৰচাৰ চলাই বিৰোধী ঐক্যমঞ্চই।

Advertisment

টেঙাখাতত সৰ্বানন্দ সোণোৱালৰ হৈ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱাৰ সময়তেই চাবুৱাৰ ৰংচঙী পঞ্চায়তত লুৰীণজ্যোতি গগৈৰ হৈ পদযাত্ৰাৰে সমগ্ৰ পঞ্চায়টোত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। শুভাকাংশী আৰু সমৰ্থকসকলে নাচি নাচি প্ৰখৰ ৰ'দকো নেওচি পদযাত্ৰা কৰিবলৈ ওলাই আহে।

উল্লেখ্য যে যি সময়ত বিজেপি মিত্ৰজোঁটে ডিব্ৰুগড় সংসদীয় সমষ্টিত হাইপ্ৰফাইল নেতাকেন্দ্ৰিক প্ৰচাৰত গুৰুত্ব দিছে,স্বয়ং মুখ্যমন্ত্ৰীক নিতৌ প্ৰচাৰত নমাইছে তাৰ বিপৰীতে সাধাৰণ জনগণকলৈ গাঁৱে-ভূঁঞে পদযাত্ৰা কৰি সাধাৰণ ভোটাৰৰ মন জয় কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে লুৰীণজ্যোতি গগৈয়ে।

Also Read: ৰঙিয়াত পৱিত্ৰ ঈদ-উল-ফিতৰ পালন

election Sabua LOKSABHA 2024 lurinjyoti gogoi