Advertisment

ইউ কো বেংকৰ ডিজিটেল লেনডেনে জীয়াতু ভোগাইছে গ্ৰাহকক

অনলাইন ট্ৰেঞ্চফাৰ কৰা ধন নাপায়গৈ নিৰ্দিষ্ট একাউণ্ট, হেৰাই যায় আধাতে...

author-image
Asomiya Pratidin
New Update
ইউ কো বেংকৰ ডিজিটেল লেনডেনে  জীয়াতু ভোগাইছে গ্ৰাহকক

ইউ কো বেংকৰ ডিজিটেল লেনডেনে জীয়াতু ভোগাইছে গ্ৰাহকক

ডিজিটেল সংবাদ নামৰূপঃ বেংকসমূহ ডিজিটেলাইজেচেন হোৱাৰ পিছত গ্ৰাহকসকলৰ ধন জমা কৰা, টকা আন একাউণ্ট লৈ ট্ৰেঞ্চফাৰ কৰা, ক্ষন্তেকতে ঋণ লোৱা আদি কামবোৰ অতি সহজ হৈ পৰিল যদিও ইয়াৰ ওলোটা ছবি দেখা গৈছে নামৰূপৰ ইউ কো বেংকত। কিছু দিনৰ পৰা বেংকটোত পৰিচালক নথকা, হিতাধিকাৰীয়ে চৰকাৰী যোজনা, আঁচনিৰ ঋণ নোপোৱা, গ্ৰাহকক কৰ্তৃপক্ষই সহযোগ নকৰা আদি বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে।

Advertisment

ইয়াৰ মাজতে বেংকটোৰ ডিজিটেল লেনডেনে বিপদত পেলাইছে গ্ৰাহকক। বেংকটোৰ কাৰিকৰী দিশত অতি দুৰ্বল সেৱা হোৱাৰ বাবেই বেংক একাউণ্টৰ পৰা কোনো গ্ৰাহকে নিজৰ ফোন পে', গুগুল পে' যোগেদি টকা পঠাই বিপাঙত পৰিবলগীয়া পৰিস্থিতি হৈছে।

শেহতীয়াভাৱে কেইবাজনো গ্ৰাহকে জৰুৰী অৱস্থাত এই বেংকৰ পৰা টকা পঠিওৱাৰ পিছত দেখা পাই যে, টকা নিজৰ একাউণ্টৰ পৰা ঠিকেই ওলাই গৈছে কিন্তু পঠিওৱা নিৰ্দিষ্ট একাউণ্টত নোসোমাই গৈ। প্ৰায় চাৰি-পাঁচ দিন হোৱাৰ পিছতো ধনৰ উৱাদিহ নোহোৱাত বা উভতি নহাত গ্ৰাহক উপায়বিহীন হৈ বেংকত হাহাকাৰ কৰিছেহি যদিও গা লৰা নাই বেংক কৰ্তৃপক্ষৰ ।

এই বিষয়ত বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিও কোনো সুফল লাভ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে গ্ৰাহকে। লক্ষণীয় যে, বেংকত অভিযোগ নামা দিয়া, ক্লেইম কৰাৰ পিছতো টকা ঘূৰি নহাত অসহায় গ্ৰাহকসকল কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে। প্ৰায় ছয় মাহ ধৰি পৰিচালক নথকা নামৰূপৰ ইউ কো বেংক বৰ্তমান গ্ৰাহকৰ বাবে ভৰসাৰ প্ৰতিষ্ঠান হৈ থকা নাই বুলি ৰাইজে অনুভৱ কৰি ক্ৰমাৎ বেংক একাউণ্ট অন্য বেংকলৈ নিয়াৰ যো জা কৰিছে।

Also Read: মিছন বসুন্ধৰা-২.০ ৰূপায়ণত চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ আপৰ

নামৰূপ