বিধায়ক চক্ৰধৰ গগৈৰ কৃপা দৃষ্টিৰ পৰা বঞ্চিত বৰবৰুৱাৰ এখন গাওঁ...

বিধস্ত পথেৰে যাতায়ত কৰিব লগীয়া হৈছে বৰবৰুৱাৰ জকাই বৰবাম টঙীয়া গাঁৱৰ ৰাইজে

author-image
Asomiya Pratidin
New Update
বিধায়ক চক্ৰধৰ গগৈৰ কৃপা দৃষ্টিৰ পৰা বঞ্চিত বৰবৰুৱাৰ এখন গাওঁ...

বিধায়ক চক্ৰধৰ গগৈৰ কৃপা দৃষ্টিৰ পৰা বঞ্চিত বৰবৰুৱাৰ এখন গাওঁ...

ডিজিটেল সংবাদ বৰবৰুৱাঃ: ডিব্ৰুগড়ৰ বৰবৰুৱা কুটোহা পঞ্চায়তৰ জকাই সংৰক্ষিত বনাঞ্চলৰ অধীনৰ বৰবাম টঙীয়া গাঁৱৰ ৰাইজক দুৰ্গম আৰু বিধস্ত পথে জ্বলা কলা খোৱাইছে। বহু আবেদন নিবেদন কৰাৰ পিছতো আজিও এই বিধ্বস্ত পথত নপৰিল এটাও শিল।

Advertisment

পথটোৰ বিধ্বস্ত অবস্থাৰ বাবেই স্কুল, কলেজৰ শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ লোকে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগৰ সন্মুখীন হৈছে। অথচ বিভিন্ন চৰকাৰী কামত এই পথকেই ব্যৱহাৰ কৰি আহিছে সকলোৱে।

পথটো নিৰ্মাণৰ বাবে বাৰে বাৰে বিধায়ক চক্ৰধৰ গগৈক জনোৱা হৈছে যদিও আজিও তেওঁৰ কৃপা দৃষ্টি নপৰিল। চৰকাৰৰ সংশ্লিষ্ট বিভাগে গুৰুত্বহীন কৰিছে এই পথটোক। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ভোটৰ অংকৰ বাবেই এই পথটোক এইদৰে বিধ্বস্ত ৰূপত পেলাই থৈছে বিধায়কগৰাকীয়ে।

Also Read: কাব্যগুৰু...

চক্ৰধৰ গগৈ বৰবৰুৱা