ডিব্ৰুগড়ত কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰি হত্যা! গ্ৰেপ্তাৰ ৪ জন

ডিব্ৰুগড়ৰ বাণীপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
কিশোৰীক দলবদ্ধ বলাৎকাৰ; গ্ৰেপ্তাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰ সহ ৪জন…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ বাণীপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

Advertisment

দেওবাৰে নিশা বাণীপুৰৰ এটি ঘৰত এগৰাকী কিশোৰীৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।তাৰপাছতে হৈ চৈ লাগে অঞ্চলটোত আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে গঁঞাই।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে, কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘৰটোত যোৱা নিশা একাংশ যুৱকে পাৰ্টি কৰিছিল।

সেই পাৰ্টিত যুৱক সকলে মদ, ভাং আদি খাই এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত সেই পাৰ্টিত থকা ৪ জন যুৱকক আটক কৰি সোধ পোচ কৰে।

সন্দেহ কৰা হৈছে যে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণৰ পাছত হত্যা কৰি মৃতদেহ ওলোমাই ৰাখিছিল। এই ঘটনাৰ লগত আৰু কেইবাজনো লোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব এই ৰহস্যজনক ঘটনাৰ।

Also Read: আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি

Assam police