/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/14ca4b4c-9975-49ca-bfc9-46ebe80ed4bf/224.jpg)
ডিজিটেল সংবাদ,ডিব্ৰুগড়: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে ডিব্ৰুগড়ত 'স্বচ্ছতাহি সেৱা' অভিযানৰ নেতৃত্ব দিয়ে। গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত আজি সমগ্ৰ দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানমৰ্মে এক ঘণ্টাৰ স্বচ্ছতাৰ কাৰ্যসূচী ৰূপায়ণ হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7f9c7480-c056-4c17-8792-cff896bcf2da/3079aa3b_b1cd_46f5_baf5_cc64c95df150.jpg)
এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰেৰণাদায়ক নেতৃত্বত পৰিচ্ছন্নতাৰ এই জন আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে অসমৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক প্ৰশান্ত ফুকন প্ৰমুখ্যে বিভিন্ন নিগম-নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষ, বিজেপি মিত্ৰজোঁটৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7f9578f8-6a01-484f-ab19-72bbb13334bb/dca4fb07_bc1a_43b2_a521_b901b95ddbca.jpg)
আজিৰ এই অনুষ্ঠানত উপস্থিত ৰাইজক সম্বোধনকৰি মন্ত্ৰী সোণোৱালে কয়-"আমি 'স্বচ্ছতাহি সেৱা' অভিযানত যোগদান কৰি আমাৰ সমূহীয়া 'শ্ৰমদান' কৰাৰ সময়ত এখন ঐক্যবদ্ধ আৰু শক্তিশালী ভাৰতৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ স্বচ্ছতাৰ আহ্বানৰ প্ৰতি অসমৰ জনসাধাৰণে জনোৱা অভূতপূৰ্ব সঁহাৰি প্ৰত্যক্ষ কৰি আনন্দিত হৈছোঁ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/185466c2-2001-415e-b808-647097f8b8e1/fc04592a_5d47_4aaf_a8db_0a56c1b08b29.jpg)
লগতে কয়- "আমি মনত ৰাখিব লাগিব যে মহামানৱ মহাত্মাগান্ধীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সন্দৰ্ভত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। আৱৰ্জনা মুক্ত আৰু স্বচ্ছ ভাৰতৰ বাবে জনভাগীদাৰীৰ জৰিয়তে গান্ধীজীৰ সেই অমূল্য বাৰ্তা আজি পুনৰবাৰ প্ৰতিধ্বনিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b9685c34-f460-4e87-9906-ae4e509bf74e/9fef6b7c_ce17_46bf_ae47_d436f2bde7d7.jpg)
পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা। মোদীৰ এখন স্বচ্ছ ভাৰতৰ শক্তিশালী লক্ষ্যত উপনীত হোৱাৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ আৰু দায়বদ্ধ থাকিব লাগিব।"
Also Read: নামৰূপৰ বিভিন্ন স্থানত স্বচ্ছতা অভিযান