/asomiyapratidin/media/media_files/2025/03/05/owPwxzlJZnTE4fJUG4x8.jpg)
ডিজিটেল সংবাদ টেঙাখাতঃ ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ হাতীবন্ধা গাওঁ নিবাসী , হাতীবন্ধা হাই স্কুলৰ প্ৰতিষ্ঠাপক গণিত শিক্ষক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, হোমিঅ'পেথিক চিকিৎসক সমাজকৰ্মী প্ৰয়াত শোণিত সোণোৱালৰ হাতীবন্ধাস্থিত বাসগৃহত আউনীআটীয় সত্ৰৰ অধীনৰ নীতিনিয়মেৰে বৈষ্ণৱ ভকত সকলে নামপ্ৰসঙ্গ গায়ন-বায়ন আদিৰে দিনজোৰা কাৰ্যসূচীৰে আদ্যশ্ৰাদ্ধ সম্পন্ন কৰে।
ইয়াৰ প্ৰাকক্ষণত পুৱা আদ্যশ্ৰাদ্ধস্থলীৰ সমীপত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয়। প্ৰথমে শোণিত সোণোৱালৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্প, ধূপ দি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী শুভাৰম্ভ কৰে তেওঁৰ পৰিবাৰ তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নমিতা সোণোৱালে।
প্ৰাক্তন ছাত্ৰ তথা দক্ষিণ পশ্চিম টেঙাখাত আউনীআটীয় গুৰু সত্ৰাধিকাৰ আদৰণি আৰু ব্যৱস্থাপনা সমিতিৰ সম্পাদক ৰাকেশ সোণোৱালে আঁতধৰা উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তাৰ ভিতৰত শোণিত সোণোৱালৰ পুত্ৰ বিমল সোণোৱালৰ বোৱাৰী গীতিমনি শইকীয়া সোণোৱাল সৰস্বতী দেৱী, বাগ্ৰদীয়া হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক যতীন্দ্ৰনাথ সোণোৱাল, হাতীবন্ধা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ইন্দ্ৰ সোণোৱাল চক্ৰেশ্বৰ সোণোৱাল, প্ৰাক্তন সহকাৰী শিক্ষক ক্ষিতিশ আইন্দ নন্দেশ্বৰ সোণোৱাল, অচ্যুত দেউৰী, বৰ্তমানৰ প্ৰধান শিক্ষক বিজয় চাংমাই, সহকাৰী শিক্ষক শিক্ষয়িত্ৰী জয়ন্ত গগৈ, জুনুমনি গগৈ, হৃদয়া বড়া, অৰুণ উপাধ্যায়, যতীন সোণোৱাল সাংবাদিক জয়ন্ত শইকীয়া আদি উপস্থিত থাকে।
তাৰোপৰি এই অনুষ্ঠানত উপস্থিত থাকে স্থানীয় গাওঁপ্ৰধান ক্ষিৰেশ্বৰ বড়া, বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰ, স্থানীয় সমাজকৰ্মী, আত্মীয় স্বজন আৰু ভকত বৈষ্ণৱ। উপস্থিত সকলোৱে প্ৰয়াত শোণিত সোণোৱালৰ প্ৰতিচ্ছবিত পুষ্প আৰু ধূপ দি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে আৰু সমবেত সকলোৱে তেওঁৰ আত্মাৰ সদগতি অৰ্থে এক মিনিট সময় মৌণ প্ৰাৰ্থনা কৰে ।
ইয়াৰ পিছতে অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত শিক্ষক হৃদয়া বড়াই আঁতধৰে আৰু কেইবাজনো ব্যক্তিয়ে বক্তব্য ৰাখে। আটায়েৰে বক্তব্যত প্ৰয়াত শোণিত সোণোৱালৰ শিক্ষকতাৰ উপৰিও তেওঁৰ বিভিন্ন দিশত থকা প্ৰতিভা, চিকিৎসা সেৱা, সামাজিক কৰ্মৰাজি হাতীবন্ধা হাইস্কুলৰ প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰত থকা অৰিহণা, ত্যাগ, বিদ্যায়তনিক দিশ আদিৰ কথা উল্লেখ কৰে।
সভাত উপস্থিত সকলোৱে স্মৃতিগ্ৰন্থ প্ৰকাশ নোহোৱাত আক্ষেপ প্ৰকাশ কৰাৰ লগতে অদূৰ ভৱিষ্যতে হাতীবন্ধা হাই স্কুলৰ শিক্ষক, শিক্ষয়িত্ৰীৰ তৎপৰতাত তথা পৰিয়ালবৰ্গ, প্ৰাক্তন শিক্ষক শুভাকাংক্ষীৰ সহযোগত শোণিত সোনোৱালৰ স্মৃতিত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।