লাহোৱাল মহাবিদ্যালয়ৰ ২৯সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ উদ্যোগ, বাণিজ্য আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা

author-image
Asomiya Pratidin
New Update
লাহোৱাল মহাবিদ্যালয়ৰ ২৯সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ডিজিটেল সংবাদ,লাহোৱালঃ শনিবাৰে গৌৰৱোজ্বল ২৯টা বৰ্ষত ভৰি দিলে ডিব্ৰুগড়ৰ লাহোৱাল মহাবিদ্যালয়ে। প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচিত হয় এখনি গৱেষণা গ্ৰন্থ "বোধিদ্ৰুম"।

Advertisment

গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকাই। উক্ত অনুষ্ঠানতে মহাবিদ্যালয়ৰ ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ স্নাতক যুথীপ্ৰিয়া বৰুৱাক ''কান্ত দত্ত সোঁৱৰণী বঁটা'' আগবঢ়োৱা হয়।

এই বঁটা আনুষ্ঠানিকভাৱে আগবঢ়াই মন্ত্ৰী বিমল বৰাই। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা, চাবুৱা সমষ্টিৰ বিধায়ক পোণাকণ বৰুৱাৰ লগতে বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Also Read: ছেপ্তেম্বৰত মুক্তি পাব জুবিন গাৰ্গ অভিনীত বোলছবি ‘চিকাৰ’

lahowal collage