লেপেটকটা আঞ্চলিক ক্ৰীড়া সন্থাৰ পেভিলিয়ন উদ্বোধন

লেপেটকটা  আঞ্চলিক ক্ৰীড়া সন্থাৰ পেভিলিয়ন উদ্বোধন

ডিজিটেল সংবাদ, বৰবৰুৱাঃ লেপেটকটা ক্ৰীড়া সন্থাৰ পেভিলিয়ন শুভাৰম্ভ। লেপেটকটা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই পেভিলিয়নটি উদ্বোধন কৰে ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে। বিচিপিএলৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত নিৰ্মাণ কৰা পেভিলিয়ন শুভাৰম্ভ কৰি খেলুৱৈসকলৰ উদ্দেশ্যি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে জিলা আয়ুক্ত কৈৰীয়ে।

লেপেটকটা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ৰাজেশ বদন নায়কে আঁত ধৰা অনুষ্ঠানত জিলা আয়ুক্ত কৈৰীয়ে কয়, অসমত ক্ৰীড়াক কেৰিয়াৰ হিচাপে গঢ়াৰ পৰিৱেশ গঢ় লৈ উঠিছে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে খেল মহাৰণৰ জৰিয়তে সুৱৰ্ণ সুযোগ প্ৰদান কৰিছে। খেলৰ জৰিয়তে মানসিক বিকাশ ঘটাব লাগিব। ক্ৰীড়া ক্ষেত্ৰত বিকাশ হৈছে। অধ্যয়নৰ সমান্তৰালভাৱে খেলিবলৈকো আহ্বান জনালে জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে।

অনুষ্ঠানত বিচিপিএলৰ মুখ্য মহাপ্ৰৱন্ধক অলোক বৰুৱা, জিলা বন প্ৰাধিকাৰী বিষয়া সঞ্জীৱ সন্দ্ৰী, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম টি কোম্পানীৰ পৰিচালন সঞ্চালক নৰেশ সোনোৱাল, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ সুনীল ৰাজকোঁৱৰ আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে।

লেপেটকটা  আঞ্চলিক ক্ৰীড়া সন্থাৰ পেভিলিয়ন উদ্বোধন
সদৌ অসম সূত সন্মিলনৰ ৰিনিকি ভূঞা শৰ্মালৈ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in