বাৰিষাৰ পূৰ্বেই ১০/১২ টা দিনতে ডিব্ৰুগড়ত খহনীয়াত জাহ গ'ল ১২ টাকৈ বাসগৃহঃ বিভাগ তথা চৰকাৰৰ গুৰুত্বহীনতা...

পঞ্চায়ত এলেকাত জিঅ' বেগ নিদয়াত পৌৰ এলেকালৈয়ো ভাবুকি
বাৰিষাৰ পূৰ্বেই ১০/১২ টা দিনতে ডিব্ৰুগড়ত খহনীয়াত জাহ গ'ল ১২ টাকৈ বাসগৃহঃ বিভাগ তথা চৰকাৰৰ গুৰুত্বহীনতা...
বাৰিষাৰ পূৰ্বেই ১০/১২ টা দিনতে ডিব্ৰুগড়ত খহনীয়াত জাহ গ'ল ১২ টাকৈ বাসগৃহঃ বিভাগ তথা চৰকাৰৰ গুৰুত্বহীনতা...

ডিজিটেল ডেস্কঃ বাৰিষা আৰম্ভ হোৱাই নাই। বাৰিষাৰ আৰম্ভণিৰ পূৰ্বেই ডিব্ৰুগড় চহৰলৈ চৰম ভাবুকি কঢ়িয়াই ব্ৰহ্মপুত্ৰই ধাৰণ কৰিছে ৰূদ্ৰ ৰূপ। বিগত মাত্ৰ ১২ৰ পৰা ১৫ টা দিনতে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে প্ৰায় ১২ টাকৈ বাসগৃহ।

ডিব্ৰুগড়ৰ চহৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা গৰখহনীয়া চহৰখনৰ মূল সমস্যা যদিও এই সমস্যাক যেন বৰ বিশেষ গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰে। গৰাখহনীয়াত সৰ্বশ্ৰান্ত হোৱা পৰিয়ালৰ লগতে খহনীয়া পীড়িত অঞ্চলৰ লোকৰ ভাষ্যত এই কথাই স্পষ্ট হৈছে।

ডিব্ৰুগড় চহৰৰ মাইজানৰ পৰা বগীবিললৈ প্ৰায় ১০ কিলোমিটাৰ অঞ্চলত যোৱা ৪/৫ বছৰে ভয়ংকৰ খহনীয়া অব্যাহত থকাৰ ফলত শ শ লোকৰ বাসগৃহ নৈত জাহ গৈছে। আনকি চহৰখনৰ সুৰক্ষাৰ বাবে থকা বান্ধটোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।

চহৰখনৰ গাতে লাগি থকা মোহনা ঘাটত আজিও এক ভয়াবহ পৰিস্থিতিয়ে বিৰাজ কৰিছে। এই অঞ্চলত এখন বিশাল গাওঁ আছিল যদিও যোৱা কেইটামান বছৰত এই গাওঁখন সম্পূৰ্ণৰূপে নৈত জাহ গৈছে। গাওঁখনৰ শ শ বাসগৃহ নৈৰ বুকুত বিলীন হোৱাৰ লগতে ইয়াৰ পৰিয়ালসমূহ গৃহহীন হৈছে।

অৱশিষ্ট যিকেইটা পৰিয়াল ইয়াত আছিল তেওঁলোকেও এতিয়া ঘৰ এৰি সুৰক্ষিত স্থানলৈ ঢাপলি মেলিছে। ঘৰৰ সম্পদসমূহ এটা এটাকৈ ইয়াৰ পৰা স্থানান্তৰ কৰিছে। এই অঞ্চলটোত যোৱা ১০ৰ পৰা ১৫ টা দিনৰ ভিতৰতে প্ৰায় ১২ টাকৈ বাসগৃহ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে। এতিয়াও ইয়াত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিয়েই আছে।

ইয়াৰ পূৰ্বে এই অঞ্চলত প্ৰতি বছৰে ৫০/৬০ টাকৈ বাসগৃহত খহনীয়াৰ কৱলত পৰি ধ্বংস হৈছে। আজি এই স্থানত গৈ প্ৰতিদিন টাইমৰ সাংবাদিক উপস্থিত হৈ সামগ্ৰীক পৰিস্থিতি দেখুওৱাৰ সময়তে স্থানীয় পীড়িত লোকৰ ভাষ্যতে স্পষ্ট হৈছে, চৰকাৰ তথা জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থা যথেষ্ট নহয়।

জিঅ’বেগ, পাৰ্কুপাইন দি খহনীয়া ৰোধৰ চেষ্টা কৰিছে যদিও এই সকলো ব্যৱস্থা ব্যৰ্থ হৈছে এই অঞ্চলত। আজি প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখত এগৰাকী মহিলাই কয়, তেওঁলোকৰ ঘৰ যোৱা ২৪ এপ্ৰিলতে নৈত সম্পূৰ্ণকৈ জাহ গৈছে। তেওঁলোক এতিয়া মথাউৰীত বাস কৰি আছে। ৭০ উৰ্ধ্বৰ এগৰাকী বৃদ্ধও তেওঁলোকৰ পৰিয়ালত আছে। এই বৃদ্ধ মহিলাগৰাকীৰ সকলো লাগতিয়াল নথি-পত্ৰ যেনে ভোটাৰ কাৰ্ড, পাণ কাৰ্ড, আধাৰ কাৰ্ড আদি নৈত জাহ গৈছে। মাত্ৰ ১০ মিনিটতে ব্ৰহ্মপুত্ৰই উটুৱাই নিলে তেওঁলোকৰ লগতে মুঠ ৭ টাকৈ বাসগৃহ। খহায় নিলে ঘৰৰ ভেঁটি।

মহিলাগৰাকীয়ে পুনৰ কয়, আমি দিন হাজিৰা কৰা মানুহ, নৈৰ কাষত বাস কৰি নিৰাশ্ৰয় হৈছোঁ। কিন্তু এই খহনীয়াই চহৰখনলৈ ভাবুকি কঢ়িয়াই আনিছে। চৰকাৰে সোনকালে বিচাৰ কৰিব লাগে। এদিন হয়তো ডিব্ৰুগড় চহৰখনেই নিৰাশ্ৰয় হৈ পৰিব।

নৈৰ কাষত বাস কৰাৰ অভিজ্ঞতাৰ পৰাই এই মহিলাগৰাকীয়ে পুনৰ কয়, নিশা হেনো ব্ৰহ্মপুত্ৰই ভয়ংকৰ ৰূপ ধাৰণ কৰে। নিশা ১২ বজাৰ পিছত এক, ডেৰ বজাত ব্ৰহ্মপুত্ৰই উগ্ৰ ৰূপ ধাৰণ কৰি খহনীয়াৰ প্ৰতিৰোধৰ বাবে দিয়া জিঅ’ বেগো উটুৱাই নিয়ে।

ইফালে আন এগৰাকী ব্যক্তিয়ে খহনীয়া প্ৰতিৰোধৰ বাবে সংশ্লিষ্ট বিভাগে গ্ৰহণ কৰা প্ৰতিৰোধ সম্পৰ্কে কয়, জিঅ’ বেগ দি আছে কিন্তু খহনীয়া হৈয়ে আছে। তেওঁলোকে এইবোৰ ভালকৈ জাপি দূৰলৈকে দিব লাগে যদিও কেৱল নদীখনৰ কাষতে দি থৈছে। সেয়ে এইবোৰে খহনীয়া ৰোধ কৰিব পৰা নাই। এনেকৈ থাকিলে একো ৰক্ষা নপৰে। আজি চাৰি, পাঁচ বছৰ হৈ গ’ল জিঅ’ বেগ দিয়েই আছে অথচ খহনীয়া ৰখা নাই।

খহনীয়াগ্ৰস্ত এই লোকসকলৰ ভাষ্যতে স্পষ্ট হৈছে ডিব্ৰুগড়ক লৈ কিদৰে ল’ৰা, ধেমালি কৰিছে সংশ্লিষ্ট বিভাগে। খহনীয়া পীড়িত লোকসকলে কয়, এই অঞ্চলটোতে পৌৰসভাৰ এলেকা অন্ত পৰিছে আৰু গাওঁ পঞ্চায়তৰ এলেকা আৰম্ভ হৈছে। ব্ৰহ্মপুত্ৰই পৌৰ এলেকা, পঞ্চায়ত এলেকা চিনি নাপয়। অথচ বিভাগে পৌৰ এলেকাতহে জিঅ’ বেগ পেলাইছে আৰু পঞ্চায়ত এলেকাত খহনীয়া হ’বলৈ এৰি দিছে। যদিহে পঞ্চায়ত এলেকাত হৈ থকা খহনীয়াই আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰি ভিতৰলৈ সোমাই আহে তেন্তে চহৰখনো ৰক্ষা নপৰিব।

আন এগৰাকী খহনীয়াত সৰ্বশ্ৰান্ত হেৰুওৱা মহিলাই কয় তেওঁলোকে ব্ৰহ্মপুত্ৰত সকলো হেৰুৱালে। নদীয়ে সকলো লৈ গ’ল। চৰকাৰক এতিয়া এটাই আহ্বান, আমাক থাকিবলৈ এটা ব্যৱস্থা কৰি দিলে ভাল হয়। নাইন, টেনত পঢ়া তিনিটাকৈ ল’ৰা-ছোৱালী আছে। গৰখহনীয়াত সকলো হেৰুওৱা পৰিয়ালবোৰৰ সকলোৰে একেই অৱস্থা।

ইফালে আন এগৰাকী মহিলাই শীঘ্ৰেই সুৰক্ষামূলক কিবা এটা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই কয় যে, তেওঁলোকৰ বাসগৃহ যদিও এতিয়ালৈকে খহনীয়াত জাহ যোৱা নাই সোনকালেই যে, জাহ নাযাব তাৰ কোনো নিশ্চয়তা নাই। ব্ৰহ্মপুত্ৰই খহাবলৈ বেছি সময় নলয়। ৫ মিনিটতে সোমাই আহে আৰু ঘৰ, ভেঁটি খহায় সকলো উটুৱাই নিয়ে। এতিয়া যিদৰে জিঅ’ বেগ পেলাইছে সেইদৰে খহনীয়া প্ৰতিৰোধ নহয়।

এইদৰেই ডিব্ৰুগড়ত এতিয়া ব্ৰহ্মপুত্ৰই কাল ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে ডিব্ৰুগড়ৰ বহু হাজাৰ হাজাৰ বিঘা ভূমি ব্ৰহ্মপুত্ৰত জাহ গৈছে। চহৰখনলৈ নামি আহিছে প্ৰৱল ভাবুকি। তাৰ পাছতো খহনীয়া প্ৰতিৰোধ কৰিবলৈ অসম চৰকাৰ তথা জলসম্পদ বিভাগে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাটো চৰম দুৰ্ভাগ্যৰ কথা। বাৰিষাৰ আৰম্ভণিৰ পূৰ্বেই এই অৱস্থা হোৱা ডিব্ৰুড়ত সময় বাগৰাৰ লগে লগে আৰু কেনেধৰণৰ জটিল পৰিস্থিতিৰ সৃষ্টি হয় সেয়া এতিয়া ভাবিয়েই অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে।

বাৰিষাৰ পূৰ্বেই ১০/১২ টা দিনতে ডিব্ৰুগড়ত খহনীয়াত জাহ গ'ল ১২ টাকৈ বাসগৃহঃ বিভাগ তথা চৰকাৰৰ গুৰুত্বহীনতা...
চিনেমাৰ প্ৰচাৰেৰে সামাজিক ব্যাধি নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে মাত মাতিলে আলফাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in