জলবন্দী কোটোহাৰ বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ...

জলবন্দী কোটোহাৰ বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ...

author-image
Asomiya Pratidin
New Update
জলবন্দী কোটোহাৰ বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ...

ডিজিটেল সংবাদ, বৰবৰুৱাঃ প্ৰলয়ংকাৰী বানত বিগত এপষেক ধৰি জলবন্দী হৈ আছে কোটোহাৰ তিনিখন গাঁও। বুঢ়ীদিহিঙৰ বাঢ়নী পানীত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে নৈপৰীয়াই। এবুকু পৰ্যন্ত বাসগৃহ বুৰ যোৱাত মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে ১৫০ টাকৈ পৰিয়াল।

Advertisment

ডিব্ৰুগড়ৰ কোটোহাস্থিত ভগামূৰ তিনিআলি, কোঁৱৰ গাঁও আৰু ব্লক গাঁৱৰ ১৫০ টাকৈ পৰিয়াল বানৰ কৱলত পৰি দুৰ্বিষসহ জীৱন কটাবলগীয়া হৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা বানাক্ৰান্তই সাহাৰ্য-সামগ্ৰী নোপোৱাত খাদ্যৰ অভাৱে দেখা দিছে। এক অনাকাংক্ষিত পৰিৱেশৰ মাজত দিন কটাবলগীয়া হৈছে নৈপৰীয়াই।

ইফালে বুঢ়ীদিহিঙৰ প্ৰলয়ংকাৰী বানে উটুৱাই নিলে ব্লক গাঁও সংযোগী মথাউৰিটো। যাৰবাবে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থাত। আনহাতে বানৰ ফলত অঞ্চলটোত বিদ্যুৎ সংযোগো কৰ্তন কৰিছে বিভাগে। আনহাতে প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰিছে অঞ্চলটোৰ কৃষিভূমি। সিঁচি থোৱা কঠীয়াডৰা বুৰ গ'ল বাঢ়নী পানীত।

অপৱৰ্তিত বান পৰিস্থিতিৰ বাবে নৈপৰীয়া কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতি। ইফালে বানাক্ৰান্ত অঞ্চলটোত মঙলবাৰে বৰবৰুৱা প্ৰেছ ক্লাৱ আৰু ডিব্ৰুগড় লায়ন্স ক্লাৱৰ দল উপস্থিত খাদ্য সামগ্ৰী বিতৰণ কৰে। তদুপৰি দলটোৱে বুজ ল'লে অঞ্চলটোৰ বান পৰিস্থিতি।

এই কাৰ্যসূচীত বৰবৰুৱা প্ৰেছ ক্লাৱৰ সভাপতি মনোৰঞ্জন হাজৰিকা, সম্পাদক মহানন্দ দত্ত, লায়ন্স ক্লাৱৰ সভাপতি ৰক্তিম গগৈ, সম্পাদক অতিশ চন্দ্ৰ বাগচী, চিকিৎসক ডাঃ সমিউৰ ৰহমান, ভাৰতীয় চাহ মজদুৰ সংঘৰ সভাপতি অশোক ওৰাং, বিশিষ্ট সমাজসেৱক বিজিত সন্দিকৈ, বদন নায়ক, চান্টু মাহালী উপস্থিত থাকে।

lions club barbaruah press club