টেঙাখাতত বানৰ তাণ্ডৱ : পানীত হাঁহ নচৰা অৱস্থা বানাক্ৰান্তৰ

টেঙাখাতত বানৰ তাণ্ডৱ : পানীত হাঁহ নচৰা অৱস্থা বানাক্ৰান্তৰ

author-image
Asomiya Pratidin
New Update
টেঙাখাতত বানৰ তাণ্ডৱ : পানীত হাঁহ নচৰা অৱস্থা বানাক্ৰান্তৰ

ডিজিটেল সংবাদ,টেঙাখাত : ডিব্ৰুগড় জিলা টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ ঘোমতালত মঙলবাৰে দিনত বুঢ়ীদিহিং নদীৰ বানপানীৰ ফলত মঠাউৰী ভাঙি যোৱাত সমীপৰ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । বিশেষকৈ ভঙা অংশৰ কাষত বসবাস কৰা পদ সোনোৱালৰ আৰ চি চি পকী ঘৰৰ লোকসকল সৌভাগ্যক্ৰমে ৰক্ষা পৰে।

Advertisment

অৱশ্যে ঘৰটোৰ ভেণ্টিলটৰলৈ পানী হোৱাত ঘৰৰ সকলো সামগ্ৰী নষ্ট হোৱাৰ অনুৰূপ ধৰণে ঘোমতাল শামূকনী হাতীবন্ধা আদি কাষৰীয়া গাঁৱৰ ঘৰৰ সা-সম্পত্তি নষ্ট হৈছে । গধুলিৰ পৰা প্ৰশাসনৰ তৎপৰতাত উক্ত বানাক্ৰান্ত ৰাইজক এছ ডি আৰ এফ বাহিনীৰ দ্বাৰা উদ্ধাৰ কৰি বিশেষ শিবিৰত ৰখাৰ ব্যৱস্থাত অগ্ৰহৰ হোৱা পৰিলক্ষিত হয় ।

ঘটনাস্থলীত স্থানীয় বিধায়ক, জিলা আয়ুক্ত , টেঙাখাত ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ যাৱতীয় তৎপৰতা গ্ৰহণ কৰে। লগতে টেঙাখাত আৰক্ষী থানাৰ পুলিচ বেটেলিয়নে একেলেথাৰিয়ে কৰ্তব্যত ব্ৰতী হৈ আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ,চৈয়াং গড়কাপ্তানী পথৰ কাষেৰে যোৱা মাদ্ধাতা যুগতে নিৰ্মাণ কৰা মঠাউৰীটো অতি দুৰ্বল হৈ পৰাৰ সত্বেও চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই শক্তিশালীকৈ নিৰ্মানত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ একাংশৰ। সোমবাৰৰ পুৱাৰ পৰা প্ৰবল গতিত বুঢ়ীদিহিং নদীৰ ডাঙৰ বানপানী হোৱাত প্ৰায় ১৪ কিলোমিটাৰ বিস্তৃত উক্ত মথাউৰীৰ বিভিন্ন ঠাইত তথা শ্লুইচ গেট সমূহৰ কাষত বানপানী নিগৰি আহে।

ইয়াৰ পাছতে জলসম্পদ বিভাগৰ তৎপৰতাত বালিৰ বস্তা ভৰাই অস্থায়ী সমাধানৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছিল। কিন্তু আজি উল্লেখিত ঘোমতালত মঠাউৰি ভাঙি যায়।

ফলত কেইবাখনো গাঁৱৰ চাহ বাগিছা ৰবি শস্য আদি নষ্ট হোৱাৰ লগতে ক্ৰমান্বয়ে কঠিয়া আদি পানীয়ে বুৰাই পেলোৱা পৰিলক্ষিত হয় । ইফালে সোমবাৰৰ পৰা বানত বুৰ যোৱা ভেৰেকীবাম গাওঁ শলকনী মাজুলী গাঁৱৰ বহু ৰাইজ প্ৰশাসনে যোগান ধৰা তিৰপাল তৰী মঠাউৰী ওপৰত নতুবা সম্বন্ধীয় লোকৰ ঘৰত আশ্ৰয় লব লগা পৰিস্থিতি হৈছে ।

উক্ত লোকসকলক চৰকাৰী ৰেচনপাতি যোগান ধৰা পৰিলক্ষিত হয় । নিশা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

tengkhat