/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ডঃ জুইত জাহ গ'ল ৩০ টা বাসগৃহ...
ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ উত্তৰ আমোলাপট্টীৰ জৰ্জ স্কুলৰ সমিপৰ ধোবিপট্টিত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ৩০ টাৰো অধিক গৃহ ক্ষতিগ্ৰস্ত হৈছে।
জানিব পৰা মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই সংঘটিত হৈছে এই ঘটনা। অগ্নিকাণ্ড সংঘটিত হৈছে অশোক নামৰ এজন লোকৰ বাসগৃহত। তেওঁৰ নিজা ঘৰৰ লগতে ভাড়ালৈ দিয়া ৩০ টা গৃহ জুইত জাহ গৈছে।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগেই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও ঘটনাস্থলীলৈ যোৱা পথ ঠেক হোৱাৰ বাবেই অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সোমাব পৰা নাছিল। ফলত অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰে। অৱশ্যে স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।
Also Read: আদালতৰ নিৰ্দেশ অমান্য কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত ৰাজ্য চৰকাৰঃ আপৰ সমালোচনা...