চাবুৱাত গৰু চোৰৰ পৰিয়ালক ৩ দিনৰ ভিতৰত গাঁও ত্যাগ কৰিবলৈ নিৰ্দেশ...

ৰহমৰীয়া আৰক্ষী থানাৰ সন্মুখত ৩ দিন ধৰি গৰু চোৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
চাবুৱাত গৰু চোৰৰ পৰিয়ালক ৩ দিনৰ ভিতৰত গাঁও ত্যাগ কৰিবলৈ নিৰ্দেশ...

চাবুৱাত গৰু চোৰৰ পৰিয়ালক ৩ দিনৰ ভিতৰত গাঁও ত্যাগ কৰিবলৈ নিৰ্দেশ...

ডিজিটেল সংবাদ চাবুৱাঃ বৃহত্তৰ চাবুৱা অঞ্চলৰ লগতে ৰহমৰীয়াত দিনক দিনে বৃদ্ধি পাইছে গৰু চোৰৰ সংখ্যা। গৰু চোৰৰ সন্ত্ৰাস বৃদ্ধি পোৱা অঞ্চলটোত আৰক্ষীৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন হৈ আহিছিল।

Advertisment

এনে পৰিস্থিতিৰ মাজতে কেইদিনমানৰ পূৰ্বে নিশা এটা গৰু চোৰক আটক কৰিও এৰি দিছিল ৰহমৰীয়া আৰক্ষীয়ে। ইয়াৰ পিছতে ক্ষোভিত হৈ পৰিছিল স্থানীয় ৰাইজ। আৰক্ষীৰ সন্দেহজনক ভূমিকা আৰু গৰু চোৰৰ সন্ত্ৰাসৰ বিৰুদ্ধে সেয়ে স্থানীয় ৰাইজে ৰহমৰীয়া আৰক্ষী থানাৰ সন্মুখত প্ৰায় ৩ দিন ধৰি প্ৰতিবাদ অব্যাহত ৰাৰিছিল।

তাৰ ফলশ্ৰুতিতে আৰক্ষীয়ে গৰু চোৰৰ চৰ্দাৰ নন্দ দাসক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছে।ইয়াৰ পিছতে এতিয়া অঞ্চলটোৰ ৰাইজে নন্দ দাসৰ পৰিয়ালক গাওঁ ত্যাগ কৰিবলৈ দাবী জনাইছে। ৰাইজে ইয়াৰ বাবে পৰিয়ালটোক বান্ধি দিছে ৩ দিনৰ সময়সীমা।

উল্লেখ্য যে, চাবুৱা অঞ্চলৰ প্ৰায় প্ৰতিখন গাঁৱতে গৰু চোৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই সন্দৰ্ভত আৰক্ষীক বাৰে বাৰে অৱগত কৰি আহিছে যদিও আৰক্ষীয়ে সকলো দেখিও নেদেখাৰ ভাও ধৰাৰ অভিযোগ আছে।

এনে অভিযোগৰ মাজতে নিশা হাতত পিষ্টল লৈ গৰু চোৰ কৰিবলৈ যোৱা নন্দ দাসক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অপচেষ্টাৰ বাবে ক্ষোভিত হৈ পৰিছিল স্থানীয় ৰাইজ।

Also Read: ভাৰ্ছুৱেল যুদ্ধক্ষেত্ৰ 'টেলিগ্ৰাম'ৰ CEO ক ফ্ৰান্সত গ্ৰেপ্তাৰ...

গৰু চোৰ চাবুৱা