/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/73112b57-a050-42e6-ac69-6d3471c06e54/12.jpg)
ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ অৱশেষত বুধবাৰে সন্ধিয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কাৰেং চাপৰিৰ বগীবিল দলঙৰ পাৰত মুকলি হ'ল বগীবিল টুৰিষ্ট ৰিজৰ্ট। চাৰি বছৰীয়া প্ৰস্তুতিৰ অন্তত মুকলি হোৱা ৰিজৰ্টখন সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত সজাই পৰাই তোলা হৈছে। বিবাহ,জন্মদিন আদি অনুষ্ঠানৰ বাবে পৰিপাটিকৈ সজাই পৰাই তুলিছে ৰিজৰ্টখন।
থলুৱা খাদ্য,জনগোষ্ঠীয় সাজ-পোছাক,বিবিধ পৰম্পৰাগত বস্তুৰ বিপনী,গীত নৃত্যৰ ব্যৱস্থাৰ পৰা শৃংগাৰ লৈকে কি নাই সকলোৰে ব্যৱস্থা ৰাখিছে এই ৰিজৰ্টত। হৰ্সোল্লাসৰ মাজত ৰিজৰ্টৰ দ্বাৰ উন্মোচন কৰি শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগুৱে ৰাজ্যত শান্তি আৰু উন্নয়নে এক গতি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনৰ গুৰুত্ব বৃদ্ধি পাইছে বুলি মন্তব্য কৰি বগীবিল দলঙৰ পাৰত স্থানীয় নিবনুৱা যুৱক যুৱতী সকলে প্ৰশিক্ষণৰ অন্তত চ'ছাইটি গঠন কৰি স্থাপন কৰা ৰিজৰ্টখনৰ উজ্বল ভৱিষ্যত কামনা কৰা বুলি কয়।
একেদৰে TMPK' সভাপতি তিলক দলেই চাৰি বছৰীয়া কষ্টৰ মুৰত সম্পূৰ্ণ হোৱা ৰিজৰ্টখন শুভ উদ্বোধনত উৎসাহিত হৈ কেৱল মুখ্য SEF (ৰান্ধনী) জনৰ বাহিৰে সকলো কৰ্মচাৰী স্থানীয় যুৱক যুৱতী বুলি জানিব পাৰি বহিঃ ৰাজ্যত গৈ কাম কৰা অসমৰ যুৱক যুৱতী সকলক উৎসাহিত কৰিব বুলি মন্তব্য কৰে। চাৰি বছৰৰ পূৰ্বে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কাৰেং চাপৰিত এনিশা কটাই ৩,২০০ বিঘা ভূমিত এই বহুমুখী ৰিজৰ্ট স্থাপনৰ পৰামৰ্শ দিছিল বুলি মন্তব্য কৰি সকলোকে কৃতজ্ঞতা জনায়।
অনুষ্ঠানত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা,বিধায়ক ভুবন পেগু,MAC'ৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়াৰ লগতে বহু বিশিষ্ট ব্যক্তি।
Also Read: ন্যায় বিচাৰি যোৱা অংকিতাত সাক্ষাৎ নকৰিলে ৰাহুল গান্ধীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us