Advertisment

ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত চাহ, সুৰা ব্যৱসায়ী ৰাজেন লোহীয়াৰ বাসগৃহত ইডিৰ অভিযান

ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা মনোহাৰী চাহ বাগানৰ স্বত্বাধিকাৰী তথা সুৰা ব্যৱসায়ী ৰাজেন লোহীয়াৰ বাসগৃহত মঙলবাৰে পুৱাৰে পৰা ইডিৰ এটা দলে চলাই আছে অভিযান।

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত চাহ, সুৰা ব্যৱসায়ী ৰাজেন লোহীয়াৰ বাসগৃহত ইডিৰ অভিযান

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা মনোহাৰী চাহ বাগানৰ স্বত্বাধিকাৰী ৰাজেন লোহীয়াৰ বাসগৃহত ইডিৰ এটা দলে মঙলবাৰে পুৱাৰ ভাগৰ পৰাই অভিযান চলায়। পুৱা প্ৰায় ৬ বজাত লোহীয়াৰ বাসগৃহত ইডিৰ এই দলটোৱে অভিযান চলোৱাৰ লগতে তেওঁৰ আন ব্যৱসায়ীক কাৰ্যালয় থকা আন ছটা স্থানতো সমান্তৰালভাৱে এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে। 

Advertisment

উল্লেখযোগ্য ডিব্ৰুগড়ৰ কাৰ্তিকপাৰাত বাসকৰা লোহীয়া সুৰা ব্যৱসায়ীৰ সৈতেও জড়িত। অৰুণাচলত উৱেৰ হাউচ থকাৰ লগতে চাহপাতৰো উদ্যোগ আছে এইগৰাকী ব্যৱসায়ীৰ। তেওঁৰ মালিকানাধীন মনোহাৰী চাহ বাগানে ২০২২ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ চৰ্চা লাভ কৰিছিল।

উতপাদিত চাহ ব্যক্তিগত নিলামত প্ৰতি কেজি ডেৰলাখ টকাত বিক্ৰী হৈছিল। আয়কৰ ফাঁকি আৰু অন্যান্য কাৰণত এই ইডিৰ অভিযান চলা বুলি জানিব পৰা গৈছে।

সন্ধিয়া পৰ্যন্ত এই অভিযান চলি আছে আৰু অভিযান সম্পৰ্কীয় কোনো তথ্য ইডিয়ে প্ৰকাশ কৰা নাই।

ইডি মনোহাৰী গ'ল্ড টি