/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/c6ba4d22-5359-489d-b77f-c1053e5b95d8/AP_FOR_WEB_aasu.jpg)
ডিজিটেল ডেস্কঃ ঘোষণা হ'ল সোমবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। মুঠ ১৩টাকৈ পদৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে বৃহৎ জয়লাভ কৰে। ১৩ পদৰ আটাইকেইটা পদতেই আছু সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰাত উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ছাত্ৰ সংগঠনটোৰ মাজত।
উল্লেখ্য যে বিজয়ী প্ৰাৰ্থীসকল হ'ল- সভাপতি ৰোহিত ৰহমান, উপ-সভাপতি হিমাশিষ কলিতা, সাধাৰণ সম্পাদক হিমাংশু শংকৰ গগৈ, সহকাৰী সাধাৰণ সম্পাদক আশীষ গগৈ, সাংস্কৃতিক সম্পাদক অন্তৰীপ গগৈ, সংগীত সম্পাদক আলোক প্ৰাণ কছাৰী, সাহিত্য আৰু সুকুমাৰ কলা সম্পাদক প্ৰিয়ংকা কলিতা, ফুটবল সম্পাদক কৌশিক ছেত্ৰী, সাধাৰণ ক্ৰীড়া সম্পাদক পৰাগ মণি শইকীয়া, আন্ত ক্ৰীড়া সম্পাদক স্বপ্ননীল বৰুৱা, সমাজ সেৱা সম্পাদক বিমান সোণোৱাল, শৰীৰ চৰ্চা সম্পাদক মৃদুল মাচিয়া দেউৰী, ছাত্ৰী জিৰণী কোঠা সম্পাদিকা স্বাধীনতা বৰুৱা।
বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ এই ফলাফল ঘোষণাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে ছাত্ৰ সংগঠন আছু অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকল। বৃহৎ জয় সাব্যস্ত কৰাত সংগঠনটোৰ নেতৃবৃন্দই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে।
Also Read: নগাঁৱত পুনৰ তেল চোৰ চক্ৰঃ অইলৰ পাইপ ফুটাই খাৰুৱা তেল চুৰিৰ চেষ্টা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us