/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/0d5ca151-2f8c-4b8a-b449-482d313b9dfc/ty.jpg)
ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ : শিক্ষাৰ ঘাই শিপাদাল তিতা কিন্তু ইয়াৰ ফল বৰ মিঠা,এই মহৎ বাণীক সাৰোগত কৰি ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অধীনৰ শোভাচুক গাঁৱৰ দেৱকান্ত বৰুৱাই বহু ছাত্র ছাত্ৰীক ঘৰুৱা শিক্ষা প্ৰদান কৰি আহিছে।চৰকাৰী চাকৰিলৈ আশা কৰি নাথাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ঘৰতেই অঞ্চলটোৰ বহু ছাত্ৰ ছাত্ৰীক ঘৰুৱা শিক্ষা প্ৰদান কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সহায় কৰি আহিছে।
বিগত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সাঁত ( ৭ ) গৰাকী ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰি উচ্চ শিক্ষা গ্ৰহণৰ বাবে অনুপ্ৰেৰণা আগবঢ়ায়।উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লেটাৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰীক পূৰ্বেই আৰ্থিক সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছিল । সেই আশ্বাস পূৰণ কৰি নিজৰ কৰ্মক সফল হোৱাৰ সৌভাগ্য লাভ কৰা বুলিও মন্তব্যৰ প্ৰসংগত উল্লেখ কৰে ঘৰুৱা শিক্ষক দেৱকান্ত বৰুৱাই।
অতি কম মাচুলেৰে ঘৰুৱা শিক্ষা প্ৰদান কৰিও এনেদৰে ছাত্ৰ ছাত্ৰীক আৰ্থিক সহযোগিতা প্ৰদান কৰি অঞ্চলটোৰ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সামৰ্থ্য হৈছে শিক্ষক বৰবৰুৱাৰ শোভাচুক গাঁৱৰ শিক্ষক দেৱকান্ত বৰুৱাই।
Also Read: হাতীগাঁৱত চাঞ্চল্যঃ নামাজৰ বাবে ওলাই যোৱা জাভেদক ৰডেৰে মৰিয়াই হত্যা...