/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/923d7e0e-cf3a-4dde-bce2-ac98bf599f64/thhfhgf.jpg)
ডিজিটেল সংবাদ, বৰবৰুৱাঃ ডিব্ৰুগড়ৰ জকাই হৰেঘাটত চলিছে বালি আৰু পলসৰ অবাধ বেহা।টিংখাং আৰু ডিব্ৰুগড় দলং ধংসস্তুপত পৰিণত হোৱাৰ দিশে ধাৱমান হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
হৰেঘাট দলংৰ দুয়োপাৰে দিনে ৰাতিয়ে নীতি বৰ্হিভূত: ভাৱে চলি থকা বালি পলসৰ অবাধ বেহাৰ বাবে নৈপৰীয়া ২ নং আৰু ৩ নং ভৰালিবাৰী কলিতা গাওঁ, মেছলৌ ভৰালি,ভুৰ্ভূৰী ৰ লগতে জকাই অঞ্চলৰ ৩৩ খন গাওঁলৈ সংকেত কঢ়িয়াই অনাৰ অভিযোগ স্থাপন কৰিছে স্থানীয় ৰাইজে।
চৰকাৰৰ নীতি নিৰ্দেশনাক বৃদ্ধাংগুস্থ প্ৰদৰ্শন কৰি বালি মাফিয়াই চলাই যোৱা অবাধ বেহাক লৈ অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ।এই সন্দৰ্ভত আঞ্চলিক বন বিষয়া তথা জিলা বন সংমণ্ডল প্ৰাধিকৰণ বিষয়াৰ ওচৰত অৱগত কৰাৰ পিছতো কোনো ভূমিকা পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
Also Read: অক্টোবৰ মাহৰ পৰা বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক...