ৰাজ্যত বান বিভীষিকাৰ মাজতে বন মহোৎসৱ পালন ডিব্ৰুগড়ৰ বন সংমণ্ডলৰ...

ৰাজ্যত বান বিভীষিকাৰ মাজতে বন মহোৎসৱ পালন ডিব্ৰুগড়ৰ বন সংমণ্ডলৰ...

author-image
Asomiya Pratidin
New Update
ৰাজ্যত বান বিভীষিকাৰ মাজতে বন মহোৎসৱ পালন ডিব্ৰুগড়ৰ বন সংমণ্ডলৰ...

ৰাজ্যত বান বিভীষিকাৰ মাজতে বন মহোৎসৱ পালন ডিব্ৰুগড়ৰ বন সংমণ্ডলৰ...

ডিজিটেল সংবাদ বৰবৰুৱাঃ ৰাজ্যত চৌদিশে বানৰ বিভিষীকা। ভাগিছে মঠাউৰি, উটিছে ঘৰ-বাৰী। জল বন্দিত্বৰ জীৱন কটাবলগীয়া হৈছে লাখ লাখ লোকে। এনে অবৰ্ণনীয় বান পৰিস্থিতিৰ মাজতে ডিব্ৰুগড়ত বন বিভাগে আয়োজন কৰিছে বন মহোৎসৱ।

Advertisment

১ জুলাইৰ পৰা সপ্তাহজোৰাকৈ অনুষ্ঠিত কৰা বন মহোৎসৱৰ দ্বিতীয় দিনা আজি ডিব্ৰুগড়ৰ বৰবৰুৱা ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডিব্ৰুগড় বন সংমণ্ডলৰ উদ্যোগত আৰু লেপেটকটা আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সহযোগত কৃষি বনানিকৰণ সন্দৰ্ভত এখন সজাগতা সভা আৰু গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়।

উল্লেখ্য যে ডিব্ৰুগড়ৰ জকাই সংৰক্ষিত বনাঞ্চল, মেডেলা বনাঞ্চল, দিহিং পাটকাই অভয়াৰণ্য, তেলপানী বনাঞ্চল, দিহিংমুখ বনাঞ্চল, নামদাং আদি বানত বুৰ গৈ আছে। যিসময়ত বন্য জীৱ জন্তু, পক্ষীকূলে হাঁহাকাৰ কৰিবলগীয়া হৈছে।

সেই সময়ত বন বিভাগে বন্য সম্পদক সুৰক্ষা প্ৰদানৰ বিপৰীতে বন মহোৎসৱ অনুষ্ঠিত কৰাক লৈ প্ৰকৃতিপ্ৰেমীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কৃষি বনানীকৰণ আৰু পৰিবেশ সংৰক্ষণৰ ওপৰত বক্তব্য আগবঢ়াই জকাই বন খণ্ডৰ খণ্ড বন বিষয়া গৌৰাংগ দুৱৰা আৰু বৰবৰুৱা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মনোৰঞ্জন হাজৰিকাই।

গছৰ প্ৰয়োজনিয়তাৰ ওপৰত বক্তব্য আগবঢ়াই বৰবৰুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুৰাজ দাসে। এই সজাগতা সভাৰ আঁত ধৰে ৰাজেশ বদন নায়কে। সভাত অংশগ্ৰহণ কৰে, ডিব্ৰুগড়ৰ আঞ্চলিক বন বিষয়া পংকজ বৰা,নৰ্থ ইষ্ট ফায়াৰ চাৰ্ভিচ একাডেমীৰ অধ্যক্ষ ৰুদ্ৰ শংকৰ নাথ, ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল নাথ, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰৰ লগতে বহু গণ্য মান্য ব্যক্তি।

Also Read: ৯ জাই গুলীত কঁপিল মাতমৰাঃ কোনে, কিয় কৰিলে এই কাম?

বন মহোৎসৱ