/asomiyapratidin/media/media_files/2025/01/27/QJhZc9Vzhenjp69jK622.jpg)
ডিজিটেল ডেস্কঃ সংযুক্ত তাই জনগোষ্ঠীয় সামাজিক সাংস্কৃতিক সংঘৰ উদ্যোগত আৰু সকলো তাই জনগোষ্ঠীৰ পৃষ্ঠপোষকতাত ২৬ জানুৱাৰীত ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ 'লাঙী গদাপাণি ক্ষেত্র'ত আয়োজিত তৃতীয় 'তাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ' আৰু প্রথম 'আন্তৰাষ্ট্ৰীয় তাই যুৱ মহোৎসৱ' উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে।
বর্ণাঢ্য অনুষ্ঠানত মুখ্যমন্ত্রীয়ে কয়- 'অতি প্রাচীন কালৰে পৰা অসমত বসবাস কৰা থলুৱা জনগোষ্ঠীসমূহৰ সাংস্কৃতিক সংমিশ্রণত এক বৃহৎ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। তাই জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া ভাষা-কৃষ্টি-সংস্কৃতি গঢ় লোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।'
তেওঁ কয়, 'তাই জনগোষ্ঠীৰ বৃহত্তম ঠাল হৈছে তাই আহোমসকল। মহান স্বর্গদেউ চাওল্যুও চুকাফাই পাতনি মেলা আহোম ৰাজত্বই অসমৰ ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক ভেটিয়েই শক্তিশালী কৰা নাছিল, সমান্তৰালভাৱে থলুৱা আৰু বৈদিক সংস্কৃতিৰ লগত বিনিময় ঘটাই সৃষ্টি কৰিছিল এক বৃহৎ অসমীয়া সংস্কৃতি। এই সংস্কৃতিয়ে পৰৱৰ্তী সময়ত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অৰিহণা যোগাইছিল।''
মুখ্যমন্ত্রীয়ে তাই জনগোষ্ঠীৰ কলা-সংস্কৃতি, শৌর্য-বীর্য জগত সভালৈ নিয়াৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ প্ৰয়াসৰ কথা ব্যক্ত কৰি কয়- 'মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা চাৰে তিনি বছৰত আমাৰ চৰকাৰে তাই আহোমসকলৰ বৰ্ণিল ইতিহাস, সাংস্কৃতিক পৰম্পৰাক জগত সভালৈ লৈ যোৱাৰ বাবে অভূতপূর্ব গুৰুত্ব প্রদান কৰিছে। চৰাইদেউ মৈদামৰ বাবে ইউনেস্কোৰ 'বিশ্ব ঐতিহ্য ক্ষেত্ৰ'ৰ স্বীকৃতি, তাই আহোম যাদুঘৰ, টিপামত ছ্যু-কা-ফাৰ সুউচ্চ প্রতিমূৰ্তিৰ পৰিকল্পনা আদিকে ধৰি আমাৰ জনজীৱনৰে সম্পৃক্ত ৰংঘৰ সৌন্দৰ্যবৰ্ধনৰ কীর্তিমান আদি উল্লেখযোগ্য।'
মুখ্যমন্ত্ৰীয়ে যোৱা বছৰৰ ফেব্ৰুৱাৰীত সমৃদ্ধ সংস্কৃতিৰে পূৰ্ণ এনে এখন শ্যাম গাঁৱত এনিশা কটোৱাৰ কথাও উল্লেখ কৰে। গাঁওখন আছিল গোলাঘাট জিলাৰ সৰুপথাৰ অঞ্চলৰ শতবৰ্ষ গৰকা স্বকীয় বৈশিষ্ট্যৰে ভৰপূৰ ১ নম্বৰ ৰজাপুখুৰী শ্যামগাঁও।
গাঁওখনত বাস কৰা লোকসকল তাই খাময়াং জনগোষ্ঠীৰ থেৰাবাদা বৌদ্ধ ধর্মালম্বী লোক বুলি উল্লেখ কৰি গাঁৱৰ লোকসকলে ঘৰুৱা কথা-বতৰা অসমীয়াত পাতে যদিও নিজস্ব ভাষা-কৃষ্টি-সংস্কৃতি ধৰি ৰাখি তাই ভাষাৰ শব্দ মিহলি কৰে আৰু সম্বন্ধসমূহক তাই ভাষাৰে সম্বোধন কৰে বুলি উল্লেখ কৰে। ধর্মীয়, সাংস্কৃতিক তথা বর্ণিল অসমলৈ তাই আহোমসকলৰ কথা ব্যক্ত কৰি জাতীয় জীৱনক ধন্য কৰা তাই আহোমৰ পুৰোধাসকলৰ স্মৃতি তেওঁ ৰোমন্থন কৰে।
মুখ্যমন্ত্রীয়ে তৃতীয় 'তাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ' আৰু প্ৰথম 'আন্ত:ৰাষ্ট্ৰীয় তাই যুৱ মহোৎসৱ'ত চৰকাৰৰ জনগোষ্ঠী আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ প্ৰতিশ্রুতিবদ্ধতাৰ কথাও বক্তব্য প্রসংগত দোহাৰে।