চাবুৱাত ভয়ংকৰ দুৰ্ঘটনা, ন্যায় বিচাৰি দুৰ্ঘটনাস্থলীতেই প্ৰতিবাদ জনতাৰ...

সোমবাৰে চাবুৱাৰ ডিকম বাইপাচত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন চুইফট ডিজায়াৰ বাহনে সংঘটিত কৰে এই দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
চাবুৱাত ভয়ংকৰ দুৰ্ঘটনা, ন্যায় বিচাৰি দুৰ্ঘটনাস্থলীতেই প্ৰতিবাদ জনতাৰ...

ডিজিটেল সংবাদ: সোমবাৰে চাবুৱাৰ ডিকম বাইপাচত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন চুইফট ডিজায়াৰ বাহনে সংঘটিত কৰে এই দুৰ্ঘটনা। বাহনখনে মহটিয়াই নিলে তিনি গৰাকী মহিলা পথচাৰিক।

Advertisment

ফলত থিতাতে নিহত হয় দুগৰাকী মহিলা পথাচাৰী। আনহাতে আন এগৰাকী মহিলা পথাচাৰীক সংকটজনক অৱস্থাত অসম চিকিৎস্যা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

এই দুৰ্ঘটনাৰ পিছতেই ন্যায় বিচাৰি দুৰ্ঘটনাস্থলীত উত্তেজিত ৰাইজে পথ অৱৰোধ কৰে। ঘটনাৰ সন্দৰ্ভত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Also Read: 'পুষ্পা-২'ৰ বাবে কিমান পাৰিশ্ৰমিক ল'লে আল্লু অৰ্জুনে ?

Assam police