চাবুৱাত বিদ্যুতৰ বিল পাই চৰম পন্থা বাছি ল'লে এজনে...

অসমত বিদ্যুতৰ অভাৱনীয় মাচুল বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণক

author-image
Asomiya Pratidin
New Update
চাবুৱাত বিদ্যুতৰ বিল পাই চৰম পন্থা বাছি ল'লে এজনে...

ডিজিটেল সংবাদ, চাবুৱা : যি সময়ত দিল্লীৰ কেজৰিয়াল চৰকাৰে সাধাৰণ দুখীয়া ৰাইজৰ বাবে বিদ্যুৎৰ মাচুল একপ্ৰকাৰ বিনামূলীয়া কৰি দিছে সেই সময়তে অসমত বিদ্যুতৰ অভাৱনীয় মাচুল বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণক। যাৰ ফলত আত্মহননৰ দৰে ঘটনা সংঘটিত হৈছে । এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে নিজ চাবুৱা কুমাৰ গাঁৱত।

পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি নৰেশ গোৱালা নামৰ ব্যক্তিজনৰ ঘৰত প্ৰায় প্ৰথমৰে পৰাই বিসংগতিপূৰ্ণ বিদ্যুৎ বিল আহে। সংশ্লিষ্ট কৰ্তৃপক্ষক এই সম্পৰ্কে অৱগত কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহন কৰা নকৰি প্ৰায় দুটা বছৰ আগতে ঘৰটোৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি থৈ যায় বিদ্যুৎ বিভাগে।

ইয়াৰ পিছতেই হঠাৎ এসপ্তাহ মানৰ আগতে ৰাষ্ট্ৰীয় লোক আদালতৰ পৰা প্ৰায় ৮৬ হাজাৰ টকাৰ বিলসহ আদালতত হাজিৰ হ'বলৈ অহা জাননী পাই একপ্ৰকাৰ হতভম্ব হৈ পৰে ব্যক্তিজন। যাৰ বাবে মানসিক চাপ সহ্য কৰিব নোৱাৰি চৰম পন্থা বাছি ল'লে বুলি পৰিয়ালে অভিযোগ কৰে।

তিনিটাকৈ সন্তানৰ পিতৃ গোৱালাই আত্মহননৰ দৰে পথ বাছি লোৱাত এতিয়া ঘৰখনত সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ।

Also Read: "মা" লৈ কিমান হেঁপাহ!...

GOVT OF ASSAM Assam police