টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন...

বিগত বৰ্ষবোৰৰ দৰে এইবাৰো মঙলবাৰ আৰু বুধবাৰে অৰ্থাৎ ৯-১০ মে'ত অনুষ্ঠিত কৰা হৈছে টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন।

author-image
Asomiya Pratidin
New Update
টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন...

ডিজিটেল সংবাদ, টেঙাখাতঃ অসমীয়াৰ বাপতি সাহোন স্বৰূপ ৰঙালী বিহুৰ মাদকতা অটুট ৰখা তথা ইয়াৰ জৰিয়তে সাতাম পুৰুষীয়া সম্প্ৰীতি জীয়াই ৰখাৰ অভিপ্ৰায়েৰে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো মঙলবাৰ আৰু বুধবাৰে অৰ্থাৎ ৯-১০ মে'ত অনুষ্ঠিত কৰা হৈছে টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন।দুদিনীয়া কাৰ্যসূচীৰে টেঙাখাত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত বিহু সন্মিলনখনিৰ ।

Advertisment

আজি পুৱা উদযাপন সমিতিৰ সভাপতি ৰাজীৱ সিংহ বড়াই বিহুৰ পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে । ইয়াৰ পিছতে উদযাপন সমিতিৰ মুখ্য সম্পাদক মৃদু সোণোৱাল আৰু কাৰ্যকৰী সভাপতি ৰেৱত সোণোৱালে স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰে ।

লগতে সমীপতে থকা সুধাকণ্ঠ ড° ভূপেন হাজৰীকা স্থায়ী প্ৰতিমূত্তিস্থলিৰ চৌহদত বৃক্ষৰোপন কাৰ্যসূচী সমাপন কৰে উদযাপন সমিতিৰ অন্যতম উপদেষ্টা নৱকুমাৰ গগৈয়ে ।

ইয়াৰ লগে লগে ন-কুঁহী আঞ্চলিক বিহু দল জ্যোতিবিকাশ বোৱাৰী লেচেৰী বিহু দল দিহিংপৰীয়া যুৱতী গছতলৰ বিহু দল, চেংনাং বোৱাৰী বিহু দল তথা উদযাপন সমিতিৰ একাংশ বিষয়ববীয়াই বিহু মাৰি আনন্দ-উল্লাহ কৰি বিহু বাকৰি মুকলি কৰা পৰিলক্ষিত হয় ।

Also Read: কাৰ্বি আংলং কিষাণ শ্রমিক সভাৰ পঞ্চম কেন্দ্ৰীয় সন্মিলন...