
ডিজিটেল সংবাদ নামৰূপঃ দেশৰ নিৰাপত্তাৰ কল্পে নিয়োজিত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নিৰাপত্তা সংস্থা কেন্দ্রীয় উদ্যোগিক নিৰাপত্তাৰক্ষী বাহিনী (চি আই এছ এফৰ)ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে নামৰূপ সাৰ কাৰখানাৰ চি আই এছ এফ ইউনিটে আড়ম্বৰতাৰে উদযাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বি ভি এফ চি এলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মহান্তি।
উল্লেখৰ প্ৰয়োজন যে, ১৯৬৯ চনৰ ১০ মাৰ্চ তাৰিখে কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তাৰক্ষী বাহিনী প্ৰতিষ্ঠা কৰা হৈছিল। উক্ত সংস্থাটোৱে বৰ্তমান তিনি শতাধিক চৰকাৰী উদ্যোগ আৰু সংবেদনশীল চৰকাৰী প্ৰতিস্থানত নিষ্ঠাৰে সেৱা আগবঢ়াইছে। নামৰূপস্থিত বি ভি এফ চি এলত থকা চি আই এছ এফ ইউনিটেও বৰ্তমান ডেপুটি কামাণ্ডেণ্ট এছ টোলন সিঙৰ নেতৃত্বত সগৌৰবে নিৰাপত্তাৰ দায়িত্ব পালন কৰিছে।
প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত চি এম ডি ড০ মহান্তিয়ে চি আই এছ এফ জোৱানসকলক অভিনন্দন জনোৱাৰ লগতে বি ভি এফ চি এলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত চি আই এছ এফে আগবঢ়োৱা সহযোগিতা, নিৰাপত্তাৰ ক্ষেত্ৰত লোৱা কঠোৰ অনুশাসন আৰু দায়বদ্ধতাৰ শলাগ লয়।
এই অনুষ্ঠানত নামৰূপ ইউনিটৰ নিৰীক্ষক দিনেশ কুমাৰ, উপ-নিৰীক্ষক বিকেশ বাগা আৰু বি ভি এফ চি এলৰ জ্যেষ্ঠ মহাপ্ৰবন্ধক পি কে সিং আদি উপস্থিত থাকে।