BVFCL ডেইলী বজাৰ পৰিচালনা সমিতিৰ সাধাৰণ সভা

নামৰূপ সাৰ কাৰখানাৰ অধীনস্থ BVFCL ডেইলী বজাৰৰ আন্তঃগাঁথনিৰ সন্দৰ্ভত আলোচনাৰ বাবে সাধাৰণ সভা সম্পন্ন। সমস্যা সমাধানৰ দাবীৰে BVFCLক স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত

author-image
Asomiya Pratidin
New Update
BVFCL ডেইলী বজাৰত নাই এটা শৌচাগাৰ

ডিজিটেল সংবাদ নামৰূপঃ নামৰূপ সাৰ কাৰখানাৰ অধীনস্থ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰৰ্প'ৰেশ্বন লিমিটেড ( বি ভি এফ চি এল) ডেইলী বজাৰৰ আন্তঃগাথঁনিৰ সন্দৰ্ভত আলোচনাৰ কল্পে এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। বজাৰ প্ৰাংগনত দিনৰ ১০.৩০  বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি ভব গগৈয়ে।  

Advertisment

সভাৰ  উদেশ্য ব্যাখ্যা কৰে লক্ষী গগৈয়ে। সভাত সমবেত হোৱা দুই শতাধিক ব্যৱসায়ীয়ে বজাৰৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে অৱগত কৰে।

সাৰ উদ্যোগৰ অধীনত থকা বজাৰখনত বিশেষকৈ পানী যোগান ব্যবস্থা নাই। গ্ৰ'চাৰী, কাপোৰ, প্ৰসাধন সামগ্ৰী, শাক পাচলি, মাছ, মাংস, বিউতি পাৰ্লাৰ, হোটেল   ব্যৱসায় আদিৰে ভৰি থকা বৃহৎ বজাৰখনত পানীৰ ব্যৱস্থা নথকাটো অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিয়ে।  

এই সন্দৰ্ভত বি ভি এফ চি এল কৰ্তৃপক্ষক অৱগত কৰা হৈছে যদিও কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো ইতিবাচক সঁহাৰি নোপোৱাৰ অভিযোগ কৰে ব্যৱসায়ীয়সকলে। ইয়াৰ উপৰি গৰিষ্ঠ সংখ্যক মহিলা ব্যৱসায়ী থকা বজাৰখনত মহিলা বা আন গ্ৰাহকসকল যাবলৈও এটা প্ৰসাৱগাৰ আৰু শৌচাগাৰ নথকাৰ বাবে ব্যৱসায়ীসকলৰ লগতে গ্ৰাহকসকলে দুৰ্ভোগ ভূগিছে।

এই সন্দৰ্ভত আজিৰ সভাই বিশদ ভাবে আলোচনা কৰি সমস্যাসমূহ সমাধানৰ দাবীৰে বি ভি এফ চি এল কৰ্তৃপক্ষক এক স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ উপৰি সভাখনত বজাৰখনৰ আন আন সমস্যাসমূহ সমাধানৰ ওপৰতো আলোচনা কৰা হয়। 

নামৰূপ নামৰূপ সাৰ কাৰখানা