/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/274b3df5-ede6-43a6-84ba-4babeef73f32/1.jpg)
ডিজিটেল সংবাদ, নুমলীগড়ঃ মানুহৰ প্ৰতি মানুহে কৰা মৰম চেনেহ দয়াবোৰ যেন দুৰ্লভ হৈ পৰিছে। সঁচাকৈয়ে গতিশীল জীৱনত ব্যস্ত হৈ পৰা মানুহৰ মাজৰ পৰা ক্ৰমান্বয়ে হেৰাই গৈছে যেন মানৱীয়তা। বিজ্ঞান তথ্য প্ৰযুক্তিৰ বাবে জীৱন সহজ হৈছে যদিও ক্ৰমে জটিল হৈ পৰিছে মানৱীয় প্ৰমূল্যবোধ। তথাপিও বৰ্তমান সমাজত কেতবোৰ মানুহ আছে যিয়ে মানুহৰ বাবে চিন্তাৰ কৰে। মানুহৰ প্ৰতি দয়াৰে তথা নিস্বাৰ্থভাৱে আগবঢ়াই সহায় হাত এনে এক মহানুভৱতাৰ পৰিচয় দিলে নুমলীগড়ৰ এজন ব্যৱসায়ীয়ে।
বুধবাৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শীতল পানীয় সেৱনৰ বাবে এটা অত্যাধুনিক মেচিন আগবঢ়ালে নুমলীগড়ৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী ৰূপনাৰায়ন শৰ্মাই। উল্লেখ্য যে, ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ব্যৱসায়ী ৰূপনাৰায়ন শৰ্মাই তেওঁৰ প্ৰয়াত পত্নী পত্নীৰ সোঁৱৰণত এই শীতল পানীয় অত্যাধুনিক মেচিন ব্যৱস্থা বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে স্থাপন কৰি দিয়ে।
নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহেন শইকীয়াই আঁতধৰা অনুষ্ঠানটিত ব্যৱসায়ী শৰ্মাই বুধবাৰে পুৱাই বিদ্যালয়খনত উপস্থিত হৈ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই মেচিন বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদান কৰে ।
Also Read: আমাৰ জয় নিশ্চিত, এগৰাকী বিশ্বাসঘাটক আৰু প্ৰতাৰকৰ উচিত প্ৰত্যুত্তৰ দিব থাওৰাবাসীয়েঃ ধৈৰ্য কোৱঁৰ…