বুঢ়ীদিহিঙৰ বানত ছিগা মথাউৰি মেৰামতিৰ কাম আৰম্ভ...

বিজেপি সজাতি দলৰ পৰিদৰ্শন

author-image
Asomiya Pratidin
New Update
বুঢ়ীদিহিঙৰ বানত ছিগা মথাউৰি মেৰামতিৰ কাম আৰম্ভ...

ডিজিটেল সংবাদ,টেঙাখাত: ২ জুলাইত ঘোমতালত বুঢ়ীদিহিঙৰ প্ৰৱল বানৰ ফলত ছিগা মথাউৰি জিঅ' টিউব বেগেৰে মেৰামতিৰ কাম আৰম্ভ কৰিছে। দুলীয়াজান বিধানসভা সমষ্টি তথা টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনত জলসম্পদ বিভাগে আৰম্ভ কৰিছে মেৰামতিৰ কাম।ইফালে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশত কালি বিজেপিৰ এটা দলে মথাউৰিৰ অংশ পৰিদৰ্শন কৰে।

Advertisment

দলটোত আছে জ্যেষ্ঠ কাৰ্যকৰ্তা তথা দুলীয়াজান নুমলীগড় অইল পাইপ লাইনৰ সভাপতি বিজয় কুমাৰ গুপ্তা, বিজেপি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰঞ্জন বৰা, অসম পৰিবহন নিগমৰ উপ-সভাপতি প্ৰণৱজ্যোতি লহকৰৰ লগতে স্থানীয় দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰচ গোৱালা, বিজেপি ডিব্ৰুগড় জিলাৰ সভাপতি উজ্বল কাশ্যপ সম্পাদক সুশীল তাচা টেঙাখাত মণ্ডলৰ সভাপতি প্ৰিয়নাথ চেতিয়া দুলীয়াজান মণ্ডলৰ সভাপতি মাধুৰ্য সোনোৱাল ভাদৈ মণ্ডলৰ সভাপতি সুদৰ্শন বসুমতাৰী।

buridihing