/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3963ab63-3e15-4d4f-a79e-9717be2a361e/1.jpg)
ডিজিটেল সংবাদ,ডিব্ৰুগড়ঃ সমগ্র ৰাজ্যতে বাঢ়নী পানী কমি আহিছে যদিও ৰাইজৰ বিপদ কমা নাই। পানী নাই যদিও বৰ্তমানো গৃহহীন বহু লোক। দিহিং নদীৰ ৰিং বান্ধ চিঙি নিয়াৰ ফলত বৰবৰুৱাৰ ভগামোৰ অঞ্চলৰ কোঁৱৰ গাঁও,মইনা গাঁও,আহোম গাঁও প্ৰায় এমাহ ধৰি জলমগ্ন হৈ আছিল।কাৰোবাৰ যদি সপোনৰ ঘৰখন বানে উটুৱাই লৈ গ'ল, আন কোনো কৃষকৰ গৰুহাল বানত উটি যায়। মুঠতে সৰ্বস্বান্ত বৰবৰুৱাৰ অন্তৰ্গত এই ৩ খন গাঁৱৰ গাঁওবাসী।
বাঢ়নী পানীৰ ফলত কৃষক সকলৰ কঠীয়া,ধান,শাক পাচলি সকলো নষ্ট হোৱাত পানীত হাঁহ নচৰা পৰিবেশ ৰাইজৰ।আনকি খোৱাং সমষ্টিৰ বিধায়কৰ নিচ্ছুপ ভূমিকাক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে কৃষক ৰাইজে। বিধায়ক চক্ৰ গগৈৰ বিৰুদ্ধে মাত্ৰ পানী বটল এটা, মম আৰু এপেকেত ধূপকাঠি দিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us