/asomiyapratidin/media/media_files/2025/03/11/SpV809I6smJVDOaH7Ij7.png)
ডিজিটেল ডেস্কঃ অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত কিদৰে নিমজ্জিত হৈ আছে অসম তাৰ উদাহৰণ পুনৰ এবাৰ পোহৰলৈ আহিল ডিব্ৰুগড় জিলাৰ লাহোৱালত সংঘটিত হোৱা এক ঘটনাত। ডাইনী সন্দেহত একাংশ লোকে এগৰাকী অসহায় মহিলাক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি উটুৱাই দিয়াৰ চেষ্টা কৰিলে বুঢ়ীদিহিঙত।
অভিযোগ অনুসৰি শিঙিমাৰীত মহিলা মহিলাগৰাকীক দীৰ্ঘদিন ধৰি আত্মীয়ই ডাইনীৰ সন্দেহত অমানুষিক অত্যাচাৰ কৰি আহিছিল। খবৰ মতে ভুক্তভোগী মহিলাগৰাকীক আন দুগৰাকী মহিলা সন্তানহীন হোৱাৰ বাবেই এগৰাকী তান্ত্ৰিকৰ প্ৰৰোচনাতে ডাইনীৰ সন্দেহত তেওঁক অত্যাচাৰ চলাই থকা হৈছিল।
অভিযোগ মতে তেওঁক বুকুৱে, পিঠিয়ে গছকি অত্যাচাৰ চলাই আধামৰা অৱস্থাত বুঢ়ীদিহিং নৈত উটুৱাই দিয়াৰ চেষ্টা চলাইছিল। কিন্তু সৌভাগ্যক্ৰমে এগৰাকী নাৱৰীয়া আৰু স্থানীয় গাওঁপ্ৰধানৰ তৎপৰতাত তেওঁক জীৱন্তে উদ্ধাৰ কৰা হয়। ইয়াৰ পিছতে স্থানীয় আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে।
বৰ্তমান তেওঁ চিকিৎসাধানী যদিও তেওঁ বিপদমুক্ত নহয়। ইফালে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত ৫ গৰাকী মহিলাসহ ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্ত এই ৫ মহিলা একেটা পৰিয়ালৰে।
তেওঁলোকে ভুক্তভোগী মহিলাগৰাকীৰ খুড়ী শাহু। ইয়াৰে দুগৰাকী মহিলা সন্তানহীন। সেয়ে তেওঁলোকক এগৰাকী তান্ত্ৰিকে ভুক্তভোগী মহিলাগৰাকী ডাইনী বুলি প্ৰৰোচিত কৰিছিল। আৰক্ষীয়ে এই তান্ত্ৰিকসহ আন দুজনকো গ্ৰেপ্তাৰ কৰিছে।
এই ঘটনাই এতিয়া সমগ্ৰ ডিব্ৰুগড়কে চাঞ্চল্য সৃষ্টি কৰিছে। মন কৰিবলগীয়া যে শেহতীয়াকৈ ৰাজ্যত এনে ডাইনী সন্দেহৰ কেইবাটাও ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। তাৰ পাছতো প্ৰশাসন তথা চৰকাৰে কঠোৰ ব্যৱস্থা অথবা সজাগতামূলক কাৰ্যকলাপ লোৱা পৰিলক্ষিত হোৱা নাই।