/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/fc35e7f4-38b3-4f6b-bbd3-a4e35858a3e9/383.jpg)
ডিজিটেল সংবাদ,বৰবৰুৱা : ডিব্ৰুগড় জিলাৰ বৰবৰুৱা লেপেটকটা চাহবাগিচাৰ কন্যা অনুপমা নায়কে সৌন্দৰ্য প্ৰতিযোগিতাত সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এইখনিতে উল্লেখ কৰা প্ৰয়োজন যে গুৱাহাটীত অনুষ্ঠিত হৈছিল অসম ভিত্তিত "ডেজলিং আইকনিক এৱাৰ্ড ২০২৪ শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতা।
এই প্ৰতিযোগিতাত অনুপমা নায়কে অংশগ্ৰহণ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3deae15a-16ad-49f1-9147-949e9410feb1/107daea1-9925-4dd2-9f47-ecb922fbd7b3.jpg)
উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ বৰবৰুৱা লেপেটকটাৰ নিৰ্বাসী শ্যাম নায়কৰ কন্যা অনুপমা নায়ক। অনুপমাই শ্ৰেষ্ঠ সুন্দৰী বঁটা অৰ্জন কৰি বৰবৰুৱাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি শুভাকাঙ্খীসকলে মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/37ccfdff-3d6b-4e31-a209-b57a1e1f32fa/63913e8c-8354-4436-b23e-b1ba678af6f2.jpg)
ইয়াৰোপৰি অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সম্পাদক ৰাজেশ বদন নায়ক আৰু ঘাচি যুৱ সমাজে লেপেটকটা চাহবাগিছাৰ কন্যা অনুপমা নায়কে শ্ৰেষ্ঠ সুন্দৰী বঁটা অৰ্জন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰি ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিছে।
Also Read: নামতহে আমেৰিকা ! আয়োজক দেশখনৰ ৮খেলুৱৈয়েই ভাৰতীয়...