/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/9cabcb5f-5f50-423d-a119-af8945c6daf3/amritpal_17.jpg)
ডিব্ৰুগড় কাৰাগাৰত কোনে সহায় কৰিছে খালিস্তানী উগ্ৰপন্থী অমৃত পাল সিঙক?
ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ থকা সন্ত্ৰাসবাদী অমৃত পাল সিঙৰ পৰা কাৰাগাৰৰ ভিতৰতে উদ্ধাৰ কৰা হৈছে বহু কেইবিধ আপত্তিজনক সামগ্ৰী। এই সামগ্ৰীসমূহৰ ভিতৰত আছে স্মাৰ্টফোন, কীপেড মোবাইল ফোন, স্পাই কেম পেন আদি।
খালিস্তানী উগ্ৰপন্থী সংগঠনৰ নেতা অমৃত পাল সিঙক ২০২৩ ৰ এপ্ৰিলত পঞ্জাৱত গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁৰ আন কেইবাজনো সহযোগীৰ সৈতে ডিব্ৰুগড় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। এইগৰাকী খালিস্তানী সন্ত্ৰাসবাদীৰ সম্পৰ্ক পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ উপৰিও আনন্দপুৰ খালছা ফৌজ নামৰ এটা সংগঠনৰ সৈতেও আছে।
ৰাষ্ট্ৰবিৰোধী গোচৰত বন্দী হৈ থকা এইগৰাকী অমৃত পাল সিঙে বিগত সময়ছোৱাত কাৰাগাৰৰ পৰাই তেওঁৰ বিদ্ৰোহী কাৰ্যকলাপ সক্ৰিয় কৰি অহাৰ সন্দেহ কৰা হৈছে। আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে কাৰাৰুদ্ধ অমৃত পাল সিঙৰ পৰা উদ্ধাৰ কৰা বিভিন্ন সামগ্ৰী সন্দৰ্ভত এক্সত দিয়া তথ্য অনুসৰি তেওঁৰ পৰা স্মাৰ্টফোন, কীপেড ফোন, স্পাই কেম পেন আদি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰা হৈছে।
ইয়াৰ পিছতে কাৰাগাৰত নিৰাপত্তাৰ দিশটোক লৈ অধিক সচেতন হৈ পৰিছে আৰক্ষী। ইয়াৰোপৰি তেওঁৰ হাতলৈ এইবোৰ সামগ্ৰী কিদৰে আহিল সেই সন্দৰ্ভতো আৰম্ভ কৰিছে তদন্ত।
Reference NSA detenues at Dibrugarh Jail, Assam - On receipt of Information about unauthorised activities taking place in NSA cell, additional CCTV cameras were installed in public area of NSA Block. Inputs received confirmed unauthorised activities, based on which Jail staff… pic.twitter.com/Iwf5kWOeXN
— GP Singh (@gpsinghips) February 17, 2024