/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/69d5f46b-2ff9-4673-b2cc-41a9a2022d75/AP_web_002.jpg)
অৱেশষত ডিব্ৰুগড় কাৰাগাৰত সোমাল অমৃত পাল সিং...
ডিজিটেল ডেস্কঃ ডিব্ৰুগড় কাৰাগাৰত সোমাল ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী তথা খালিস্তানী নেতা অমৃত পাল সিং। পঞ্জাৱৰ মোগা জিলাত গ্ৰেপ্তাৰ হোৱা অমৃত পাল সিঙক গ্ৰেপ্তাৰ কৰাৰ পাছতে ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।
ইতিমধ্যে এই কাৰাগাৰত আৱদ্ধ হৈ আছে অমৃত পাল সিঙৰ আন বহু কেইজন সতীৰ্থ। আজি বিশেষ বিমানেৰে পঞ্জাৱৰ পৰা ডিব্ৰুগড়লৈ লৈ অনা অমৃত পাল সিঙক বিমান বন্দৰৰ পৰা বিশাল কনভয়ৰ মাজেৰে কাগাৰলৈ লৈ যোৱা হয়।
অমৃত পাল সিঙৰ আগমণৰ লগে লগে কাৰাগাৰখনৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। তেওঁৰ লগত আহিছে পঞ্জাৱ আৰক্ষীৰো বহু কেইজন শীৰ্ষ বিষয়াৰ লগতে জোৱান।
পূৰ্বে ৫৭ টা চি চি টিভি কেমেৰা সংস্থাপন কৰা জিলা কাৰাগাৰখনত পুনৰ ১২ টাকৈ চি চি টিভি কেমেৰা সংস্থাপন কৰা হৈছে। কাৰাগাৰখনত পূৰ্বে বিভিন্ন পৰ্যায়ত অনা হৈছিল ৯ জন খালিস্তানী নেতাক।
অমৃত পাল সিঙৰ সৈতে এতিয়া কাৰাগাৰখনত খালিস্তানীৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পালে। কাৰাগাৰৰ ভিতৰত কোনো লোককে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। এই সন্দৰ্ভত সাংবাদিকৰ আগতো কোনো কথা প্ৰকাশ কৰা নাই।
Assam: Khalistan supporter and 'Waris Punjab De' chief Amritpal Singh who was today arrested by Punjab police, was brought to jail in Dibrugarh. pic.twitter.com/YvSGKySdfE
— ANI (@ANI) April 23, 2023
Also Read: AEC ৰ গৌৰৱময় ২৫ বছৰ উপলক্ষে ১৯৯৭-২০০১ গোটৰ মিলন অনুষ্ঠান...