/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/11c781b9-a7aa-4acf-8529-80a7478c4c64/agor_news.jpg)
ডিজিটেল সংবাদ, টেঙাখাতঃ টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ টেঙাখাত উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ৰ সমীপৰ দক্ষিণ কপহুৱা সংঘত শুকুৰবাৰে এখনি কৃষি কৰ্মশালা অনুষ্ঠিত হয় । ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হয় কৰ্মশালাখনিৰ । আদৰ্শ কৃষক তথা সমাজকৰ্মী হিৰণ্য সোণোৱালৰ তত্ত্বাৱধানত অনুষ্ঠিত কৰ্মশালাত অৰ্ধ শতাধিক কৃষক ৰাইজে অংশগ্ৰহণ কৰে ।
কৰ্মশালাত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি অৰ্থনীতিবিদ বিশেষজ্ঞ ড° হেমচন্দ্ৰ শইকীয়াই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিভিন্ন দিশ ব্যাখ্যা কৰে । তদুপৰি ইয়াৰ জৰিয়তে কৃষক লাভবান হ'ব পৰা বিষয়ত আলোকপাত কৰি উন্নত কৃষি পদ্ধতি সাৰ প্ৰয়োগ আদিৰ সম্পৰ্কেও ব্যাখ্যা কৰে ।
Also Read: মণিপুৰক লৈ চিন্তিত আমেৰিকাঃ বিচাৰিলে কৰিব সহায়...