টেঙাখাতত প্ৰধানমন্ত্ৰী ফচল যোজনা তথা উন্নত কৃষি পদ্ধতিৰ কৰ্মশালা আয়োজন...

টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ টেঙাখাত উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ৰ সমীপৰ দক্ষিণ কপহুৱা সংঘত শুকুৰবাৰে এখনি কৃষি কৰ্মশালা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
টেঙাখাতত প্ৰধানমন্ত্ৰী ফচল যোজনা তথা উন্নত কৃষি পদ্ধতিৰ কৰ্মশালা আয়োজন...

ডিজিটেল সংবাদ, টেঙাখাতঃ টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ টেঙাখাত উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ৰ সমীপৰ দক্ষিণ কপহুৱা সংঘত শুকুৰবাৰে এখনি কৃষি কৰ্মশালা অনুষ্ঠিত হয় । ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হয় কৰ্মশালাখনিৰ । আদৰ্শ কৃষক তথা সমাজকৰ্মী হিৰণ্য সোণোৱালৰ তত্ত্বাৱধানত অনুষ্ঠিত কৰ্মশালাত অৰ্ধ শতাধিক কৃষক ৰাইজে অংশগ্ৰহণ কৰে ।

কৰ্মশালাত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি অৰ্থনীতিবিদ বিশেষজ্ঞ ড° হেমচন্দ্ৰ শইকীয়াই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিভিন্ন দিশ ব্যাখ্যা কৰে । তদুপৰি ইয়াৰ জৰিয়তে কৃষক লাভবান হ'ব পৰা বিষয়ত আলোকপাত কৰি উন্নত কৃষি পদ্ধতি সাৰ প্ৰয়োগ আদিৰ সম্পৰ্কেও ব্যাখ্যা কৰে ।

Also Read: মণিপুৰক লৈ চিন্তিত আমেৰিকাঃ বিচাৰিলে কৰিব সহায়...

agriculture workshop