/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e0db05fe-10f9-4840-bc3f-eb3101c16bef/NAMRUP_24.jpg)
আপ, আছাৰ প্ৰতিবাদত উত্তাল নামৰূপঃ কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ পুত্তলিকা দাহ...
ডিজিটেল সংবাদ নামৰূপঃ লোকসভাৰ মজিয়াত নামৰূপ সাৰ কাৰখানা চিৰ দিনলৈ বন্ধ হোৱাৰ তথ্য ইংগিত পোৱাৰ পাছতে শনিবাৰৰ পৰা নিৰবিচ্ছিন্ন ভাবে নামৰূপৰ ভিন্ন ঠাইত বিভিন্ন অৰাজনৈতিক দল, সংগঠনৰ লগতে ৰাজনৈতিক দলেও ধৰ্ণা, প্ৰতিবাদেৰে উত্তাল কৰি ৰাখিছে নামৰূপৰ পৰিবেশ ।
আজি বিয়লিও নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ বিৰোধিতাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু অন্যান্য স্থানীয় দল, সংগঠন আৰু ৰাইজৰ সহযোগত নামৰূপ সোনাৰী তিনিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মুর্দাবাদ, নামৰূপ সাৰ কাৰখানা বন্ধ কৰিবলৈ দিয়া নহ'ব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি ৰাখে। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় সাৰ দপ্তৰৰ মন্ত্ৰী ড০ মনসুখ মান্দব্যৰ পুত্তলিকাও দাহ কৰে।
প্ৰতিবাদস্থলীত আছাৰ সভাপতি অজয় গোৱালা, সাধাৰণ সম্পাদক পৱন গাৰ্গে বক্তব্যত বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। ইফালে নামৰূপ সাৰ কাৰাখানা বন্ধৰ বিৰোধিতাৰে নামৰূপ সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে আম আদমি পাৰ্টীয়েও।
আপৰ ডিব্ৰুগড় জিলা সমিতি, ডিব্ৰুগড় জিলা আপ যুৱ শক্তিৰ কৰ্মীৰ সহযোগত তথা আপৰ সমৰ্থকসকলে বিজেপি চৰকাৰ হায় হায় ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে কেন্দ্ৰ, ৰাজ্যত শাসনাধিস্ত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।
আপৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব বহন কৰে আপ অসমৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰে। প্ৰতিবাদস্থলীত আপৰ নেতাগৰাকীয়ে কয়, নামৰূপৰ লগতে অসমৰ জনগণৰ স্বাৰ্থত বিজেপি চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিব দিয়া নহ'ব। সাৰ কাৰখানাটো বন্ধ কৰি দিয়া কাৰ্য কেতিয়াও মানি লোৱা নহ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/681ec33d-cdf7-436b-a432-2e1a6bbe7905/2d045147_8dbc_4c78_a588_2f81bd15f563.jpg)
Also Read: গোলাঘাট সদৰ থানাত উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ লাঠি চালনা...