/asomiyapratidin/media/media_files/2025/02/10/JI1BaTOYpxyAO2bxKvBb.jpg)
ডিজিটেল সংবাদ নামৰূপঃ উত্তৰ পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতিৰ উদ্যোগত নামৰূপত প্ৰথমবাৰৰ বাবে অহা ১৬ ফেব্ৰুৱাৰীত আৰ্থিক ভাবে দুৰ্বল শতাধিক জোৰা বৰ বধুক লৈ সামূহিক বিবাহ কাৰ্য্যসূচী অনুষ্ঠিত হ'ব । তাৰ পৰিপ্ৰেক্ষিততে আজি বি ভি এফ চি ৰাজহুৱা বিহু মণ্ডপত উক্ত কাৰ্যসূচীৰ লাই খুঁটা স্থাপন কাৰ্য্যসূচী অনুষ্ঠিত হয়।
আজি দিনৰ ১১ বজাত বৈদিক পৰম্পৰাৰে অনুষ্ঠিত হোৱা লাই খুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে সমিতিৰ উত্তৰ অসম প্ৰমুখ যোগেশ শাস্ত্ৰী তিনিচুকীয়া জিলাৰ ধনিৰাম তাঁতী, নামৰূপৰ সম্পাদক নন্দেশ্বৰ গগৈ, উপ-সভাপতিদ্বয় ক্ৰমে টিলেশ্বৰ বড়া, ভব গগৈ, প্ৰমুখ্যে বিষয় ববীয়া সকল উপস্থিত থাকে।