সমষ্টি বিলুপ্তিকৰণৰ বিৰোধিতাৰে আজি লাহোৱাল বন্ধ...

সমষ্টি বিলুপ্তিকৰণৰ বিৰোধিতাৰে আজি লাহোৱাল বন্ধ...

author-image
Asomiya Pratidin
New Update
সমষ্টি বিলুপ্তিকৰণৰ বিৰোধিতাৰে আজি লাহোৱাল বন্ধ...

সমষ্টি বিলুপ্তিকৰণৰ বিৰোধিতাৰে আজি লাহোৱাল বন্ধ...

ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে। ঠায়ে ঠায়ে চলি আছে প্ৰতিবাদ। ২৭ জুনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে বৰাক বন্ধ ঘোষণা কৰাৰ পাছত আজি পুনৰ ১২ ঘণ্টী লাহোৱাল সমষ্টি বন্ধ ঘোষণা কৰা হৈছে।

Advertisment

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা অনুসৰি লাহোৱাল সমষ্টি বিলুপ্ত কৰা হৈছে। উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পাছতে লাহোৱাল সমষ্টিৰ ৰাইজে এই সমষ্টি বিলুপ্তিৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

এই সমষ্টিটো মুঠ চাৰিটা ভাগত বিভক্ত কৰি টিংখং, চাবুৱা, ডিব্ৰুগড় আৰু দুলীয়াজান সমষ্টিৰ অন্তৰ্ভুক্ত কৰা হৈছিল। সেয়ে ইয়াৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আজি ১২ ঘণ্টীয়া লাহোৱাল বন্ধ ঘোষণা কৰা হৈছে। পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ এই বন্ধৰ কাৰ্যসূচী বাহাল থাকিব।

Also Read: সমগ্ৰ দেশৰ লগতে অসমতো বৃহস্পতিবাৰে পালন কৰিব ঈদ উল আজহা...

লাহোৱাল সমষ্টি পুনৰ নিৰ্ধাৰণ