ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্বতন্ত্ৰভাৱে আৰম্ভ হ’ল বড়ো মাধ্যমৰ পাঠদান…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্বতন্ত্ৰভাৱে আৰম্ভ হ’ল বড়ো মাধ্যমৰ পাঠদান…

author-image
asomiyapratidin
New Update
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডঃ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাক বহিষ্কাৰ...

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ'ল বড়ো মাধ্যমৰ পাঠদান।বিশ্ববিদ্য়ালয়খনত মঙ্গলবাৰে বিটিচিৰ মূৰব্বী প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে মুকলি কৰিলে অত্যাধুনিক বড়ো মাধ্যম বিভাগৰ ভৱন। এই ভৱন নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ২০১৫ চনতেই।

Advertisment

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত সভাপতিত্ব কৰে বড়ো সাহিত্যসভাৰ সভাপতি তৰেন চন্দ্ৰ বড়োৱে। অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে বিশ্বিদ্যালয়ৰ পঞ্জীয়ক ড০ জিতেন্দ্ৰ হাজৰিকাই।

অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচি প্ৰধান প্ৰমোদ বড়ো, উপাচাৰ্য ড০ লীলাকান্ত নাথ, পঞ্জীয়ক ড০ জিতেন্দ্ৰ হাজৰিকা, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ভীমকান্ত বৰুৱা, এবছুৰ সভাপতি দীপেন বড়োকে প্ৰমুখ্যে কৰি বহু অতিথি উপস্থিত থাকে।

উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্বতন্ত্ৰভাৱে বড়ো মাধ্যমৰ পাঠদান আৰম্ভ হোৱাৰ লগে লগে বিশ্ববিদ্যালয়খনত বিভাগৰ সংখ্যা ১৮ টালৈ বৃদ্ধি পালে।