ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 'ভাষাৰ ওজা'ৰ প্ৰতিমূৰ্তি উন্মোচন...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাৰ কাষতে আজিৰ পৰা জ্বিলিকিব ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি।  জন্মজয়ন্তীৰ দিনটোতে ভাষাৰ ওজাগৰাকীৰ ব্যঞ্জৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক ড০ নগেন শইকীয়াই। 

author-image
Asomiya Pratidin
New Update
ভাষাৰ ওজা

ডিজিটেল ডেস্কঃ  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাৰ কাষতে আজিৰ পৰা জ্বিলিকিব ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি।  জন্মজয়ন্তীৰ দিনটোতে ভাষাৰ ওজাগৰাকীৰ ব্যঞ্জৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক ড০ নগেন শইকীয়াই। 

পুৱা ১০.৩০বজাৰ পৰা আৰম্ভ হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা হেমচন্দ্ৰ বৰুৱাৰ পৰিনাতি জয়ন্ত বৰুৱাৰ উদ্যোগত স্থাপন হোৱা এই প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ পাছতে নগেন শইকীয়াই এই কামৰ বাবে  তেওঁক ধন্যবাদ জ্ঞাপন কৰে। 

প্ৰতিমূৰ্তিটো উন্মোচন কৰি ড০ নগেন শইকীয়াই অসমীয়া সাহিত্য তথা সমাজ জীৱনলৈ হেমচন্দ্ৰ বৰুৱাৰ অৱদানৰ কথা সোঁৱৰণ কৰে।  তেওঁ কয় যে, হেমচন্দ্ৰ বৰুৱাৰ অভিধানখন অসমীয়া জাতিৰ বাবে এটা ডাঙৰ উপহাৰ।

হেমকোষখন প্ৰকাশৰ সময়চোৱাৰ কথা সোঁৱৰি নগেন শইকীয়া এই প্ৰক্ৰিয়াটোৰ সৈতে কিদৰে জড়িত হৈ আছিল সেই কথাও ভাষণত প্ৰকাশ কৰে।  উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জীতেন হাজৰিকা লগতে পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱালৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

জয়ন্ত বৰুৱাৰ সমূহ পৰিয়ালবৰ্গ এই অনুষ্ঠানত উপস্থিত থাকি ভাষাৰ ওজা গৰাকীক শ্ৰদ্ধা নিবেদন কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ১৯০সংখ্যক ভাষাৰ ওজাগৰাকীৰ জন্ম জয়ন্তী ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপিত হৈছে।  কটন, গুৱাহাটী বিশ্ববিদ্যালয়তো ভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ত ইলোৰা বিজ্ঞান মঞ্চ আৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে কটন বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ উদ্যোগত উদাযাপন  হৈছে এই জন্মজয়ন্তী। 

ডিব্ৰুগড় বিশ্ববিদ্যালয়