ডিব্ৰুগড়ৰ বগীবিল চাউলখোৱাত বন বিভাগে ভূমি অধিগ্ৰহণ কৰাক লৈ তীব্ৰ উত্তেজনা

বগীবিল দলঙৰ নিচেই কাষৰ চাউলখোৱা এন. চি গাঁৱৰ ১৬০ বিঘা ভূমি বন বিভাগে অধিগ্ৰহণ কৰি গছ পুলি ৰোপন কৰিবলৈ লোৱাত এতিয়া অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়ৰ বগীবিল চাউলখোৱাত বন বিভাগে ভূমি অধিগ্ৰহণ কৰাক লৈ তীব্ৰ উত্তেজনা

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ লৰুৱা মৌজাৰ অন্তৰ্গত তথা বগীবিল দলঙৰ নিচেই কাষৰ চাউলখোৱা এন. চি গাঁৱৰ ১৬০ বিঘা ভূমি বন বিভাগে অধিগ্ৰহণ কৰি গছ পুলি ৰোপন কৰিবলৈ লোৱাত এতিয়া অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে সেই একেই ভূমিকেই চাউলখোৱা এন. চি গাঁৱৰ লোকসকলক আভুৱা ভৰাই হাতে লিখি উকা কাগজত জৰীপ হোৱা বুলি দাগ নম্বৰ দি হাজাৰ হাজাৰ টকা লুটিলে চৰকাৰী গাঁওপ্ৰধান নিপেন টাইয়ে।

আনকি স্থানীয় লোকৰ আহ্বান মৰ্মে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি কণ্ঠ ৰুদ্ধ কৰাৰো চেষ্টা চলাই চৰকাৰী গাওঁপ্ৰধান জনে।স্থানীয় লোকে ২০১১ চনতেই তেখেত লোকৰ নামত জৰীপ হোৱা মাটিৰ নথিপত্ৰ জিলা চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিচাৰি গৈয়ো কোনো নথি লাভ কৰিবলৈ সক্ষম নহ'ল স্থানীয় লোকসকলৰ।

আমাক মাটি লাগিবই, গাঁৱপ্ৰধান নিপেন টাই কাম নাই আদি শ্লোগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে স্থানীয় লোকসকলে।এনে লুণ্ঠনকাৰী গাওঁপ্ৰধানৰ ওপৰত ডিব্ৰুগড় জিলা প্ৰশাসনেকি পদক্ষেপ গ্ৰহণ কৰে বা নাকী লগাব পাৰিবনে সেয়াহে হ'ব লক্ষণীয়।

Also Read: আয়কৰ বিভাগৰ সহকাৰী আয়ুক্ত মিনাক্ষী কাকতি কলিতাৰ বাসগৃহত অভিযানঃ জব্দ ৬৫ লক্ষাধিক নগদ ধন