ডিব্ৰুগড়ৰ বগীবিল ৱাক হাবিত অবৈধ পলস খনন পথ নির্মাণকাৰী সংস্থা গণপট্টি কোম্পানীৰ...

ডিব্ৰুগড়ৰ বগীবিল ৱাক হাবিত অবৈধ পলস খনন পথ নির্মাণকাৰী সংস্থা গণপট্টি কোম্পানীৰ...

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়ৰ বগীবিল ৱাক হাবিত অবৈধ পলস খনন পথ নির্মাণকাৰী সংস্থা গণপট্টি কোম্পানীৰ...

ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি ডিব্ৰুগড়ৰ বগীবিলত অবৈধ ভাৱে পলস খনন কৰি আহিছে পথ নির্মাণকাৰী সংস্থা গণপট্টি কোম্পানীয়ে।বন বিভাগে বান্ধি দিয়া পৰিসীমা সত্তৰ হাজাৰ(৭০০০০) চি এম'তকৈ অধিক পলস খান্দি এক প্ৰকাৰে ত্ৰাসৰ সৃষ্টি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Advertisment

গণপট্টি কোম্পানীৰ নাম লৈ কিছু দুষ্ট চক্ৰই এই ঠাইৰ পৰা পলস খনন কৰাৰো অভিযোগ উত্থাপন কৰিছে।এই ক্ষেত্ৰত বন সংমণ্ডল প্ৰাধিকৰণ বা আঞ্চলিক বন বিষয়াক স্থানীয় লোকসকলে বাৰে বাৰে অৱগত কৰিছে যদিও বিভাগে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰো অভিযোগ।

উল্লেখযোগ্য যে বগীবিলৰ ৱাক হাবি গাঁওখন অতি বানপীড়িত অঞ্চল।বাৰিষা অহাৰ লগে লগে এই গাঁৱৰ লোকসকলে বানত ককবকাই থাকিব লগীয়া হয়।এনেদৰে পলস খনন কৰিলে বাৰিষা কালত গাঁওখনৰ মথাউৰীলৈ প্ৰবল গৰাখহনীয়া হব আৰু স্থানীয় লোকসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰে স্থানীয় লোকসকলে।

ডিব্ৰুগড়