ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ প্ৰস্তুতি

স্হানীয় ৰাইজৰ সহযোগ কামনা অধ্যক্ষৰ...
ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ আগশাৰীৰ এখন বিদ্যালয় ৰূপে খ্যাত ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৫,২৬ আৰু ২৭ নবেম্বৰ ২০২২ ত তিনিদিনীয়াকৈ বিস্তৃত আৰু বৰ্ণিল কাৰ্যসূচীৰে মহাৰজত জয়ন্তী উদযাপন কৰিবলৈ প্ৰয়াস কৰিছে । গৌৰৱোজ্জ্বল ৭৫ বৰ্ষত ভৰি দিয়া বিদ্যালয়খনে অতি উলহ মালহৰে উদযাপন কৰিবলৈ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ।

আজি বিদ্যালয়ৰ শিক্ষক জিৰণি কক্ষত অধ্যক্ষ গৰাকীয়ে ৩২ গৰাকী শিক্ষক - শিক্ষয়িত্ৰী আৰু ৪ কৰ্মচাৰীক লৈ এখন বৈঠক আহ্বান কৰি অনুষ্ঠানৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰি কয় যে অনুষ্ঠানটো সাফল্য মণ্ডিত কৰাৰ অৰ্থে ১১ খনকৈ কৰ্মপটু সদস্যৰে উপ-সমতি গঠন কৰি দিয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে বুলি উদযাপন সমিতিৰ সম্পাদক তথা অধ্যক্ষ সঞ্জীৱকুমাৰ কলিতাই জানিবলৈ দিয়ে।

সভাত অংশগ্ৰহণ কৰে ৰাঙলু শাখা সাহিত্য সভাৰ সভাপতি নজিবুৰ ৰহমান আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাংবাদিক ঘনকান্ত বৰাই যিসকল পুৰোধা ব্যক্তিৰ উদ্যোগত এই জ্ঞান মন্দিৰে গৌৰৱোজ্জ্বল ৭৫ টা বৰ্ষ অতিক্ৰম কৰিবলৈ সক্ষম হোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । ইতিমধ্যে পৰিকল্পনা অনুসৰি কাৰ্যসূচী ঘোষণা কৰা হৈছে সেই মতে ২৫ নবেম্বৰত পুৱা মহাৰজত জয়ন্তীৰ মূল পতাকা উত্তোলন কৰি শুভাৰম্ভনি কৰিব বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ।

অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰিব ফণীধৰ বৰা উদযাপন সমিতিৰ উপ-সভাপতি,  নগাঁও জিলা উপ সংমণ্ডল বন বিষয়া ভাস্কৰ ডেকা, সমাজ সেৱক সুৰেশ বৰা, প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰকুমাৰ বৰুৱা, অৱসৰ প্ৰাপ্ত শিক্ষক বদন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, সদৌ অসম ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, বিশিষ্ট শিক্ষাবিদ ডাঃ অঞ্জনজ্যোতি চৌধুৰী, নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুলকুমাৰ নাথ অৱসৰ প্ৰাপ্ত শিক্ষক ভূপেন বৰদলৈ আৰু উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীয়ে।

২৬ নবেম্বৰৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰফুল্ল বৰা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, ৰজতমুদৈ, কনকচন্দ্ৰ বৰা, দুলালচন্দ্ৰ বৰা, অনুপ বৰা, ড০ ৰশ্মিৰেখা বৰা, বিমান বৰা, দীপশিখা বৰা, দীপ শইকীয়া, ৰূপম বৰা, আৰু বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান উন্মোচন কৰিব নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদুৎ বৰদলৈয়ে।

ৰেঙনি চেনেলৰ বেহাৰবাৰী আউটপোষ্টৰ সৰ্বজনৰ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হোৱা কে কে আৰু মোহনৰ হাস্যৰসৰ আমোদ বৰিষণ হব মহাৰজত জয়ন্তীৰ সেই দিনাৰ মঞ্চত। ২৭ নবেম্বৰৰ কাৰ্যসূচী মতে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।

মুকলি সভাত সভাপতিত্ব কৰিব উদযাপন সমিতিৰ সভাপতি যোগেশ্বৰ শইকীয়াই। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰনোজ পেগু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, জলসম্পদ, জন সংযোগ মন্ত্ৰী পীযুষ হাজৰিকা। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠ শিল্পী প্ৰাচুৰ্য বৰপাত্ৰ গোঁহাই অনুষ্ঠান উদ্বোধন কৰিব অঞ্চলটোৰ জনপ্ৰিয় নেতা তিৱা স্বায়ত্ত পৰিষদৰ অধ্যক্ষ মদন বৰদলৈয়ে।

অভ্যৰ্থনা সমিতিৰ সভাপতি যোগেশ্বৰ শইকীয়া, কাৰ্যকৰী সভাপতি ফণীধৰ বৰা, সম্পাদক সঞ্জীৱকুমাৰ কলিতা, সহকাৰী সম্পাদকদ্বয় জ্যোতিপ্ৰসাদ বৰা, মোহন হাজৰিকা, উপাধ্যক্ষ অৰ্পণা বৰুৱাই অঞ্চলটোৰ সমূহ শিক্ষাব্ৰতী, প্ৰাক্তন শিক্ষাৰ্থীৰ লগতে সকলোকে মহাৰজত জয়ন্তী উদযাপন কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনাইছে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in