/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dhupdhara.jpg)
ডিজিটেল সংবাদ, ধূপধৰা : দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ধূপধৰা ই-ৰিক্সা সন্থাৰ উদ্যোগত তথা স্বত্বাধিকাৰী আৰু চালকসকলৰ সহযোগত শনিবাৰে এক স্বচ্ছ অভিযান চলোৱা হয় ৷ পুৱাৰ পৰা উলিওৱা এই স্বচ্ছ অভিযানৰ সময়ত ই-ৰিক্সা চালক তথা স্বত্বাধিকাৰীসকলে হাতে হাতে ঝাৰু লৈ ধূপধৰাৰ বজাৰ এলেকা, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ উপৰি ধূপধৰাৰ ৰাজহুৱা স্থানসমূহৰ পথৰ কাষত জমা হোৱা জাবৰ জোথৰ চাফাই কৰি পৰিস্কাৰ কৰি তোলে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/1c5e4e9e-09de-47d0-b425-9e870421faeb-1024x575.jpg)
এই অভিযানত সন্থাৰ প্ৰায় সকলো সদস্যই অংশগ্ৰহণ কৰে বুলি ধূপধৰা ই-ৰিক্সা সন্থাৰ সভাপতি জয়ন্ত ৰাভা আৰু সম্পাদক তপন ৰাভাই জানিবলৈ দিয়ে ৷
আৰু পঢ়ক : জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত উৎকোচ লোৱা কৰ্মচাৰী নিলম্বিত…