ধূপধৰাত আৰক্ষীৰ সহযোগত বনবিভাগৰ অভিযান...

ধূপধৰাৰ সমীপৰ পদুপাৰা চেলাবড়ী গাঁৱত নিশা বনবিভাগৰ এটা দলে ধূপধৰা আৰক্ষীৰ সহযোগত অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং শালগছৰ টুকুৰা জব্দ কৰিবলৈ সক্ষম হয়

author-image
Asomiya Pratidin
New Update
ধূপধৰাত আৰক্ষীৰ সহযোগত বনবিভাগৰ অভিযান...

ডিজিটেল সংবাদ, ধূপধৰাঃ গোৱালপাৰা জিলাত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় । জিলাখনৰ বিভিন্ন বনাঞ্চলত চোৰাং ব্যৱসায়ীয়ে নিতৌ বনধ্বংস চলাই আহিছে আৰু চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে ৷

Advertisment

ইয়াৰ মাজতে জিলাখনৰ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ধূপধৰাৰ সমীপৰ পদুপাৰা চেলাবড়ী গাঁৱত নিশা বনবিভাগৰ এটা দলে ধূপধৰা আৰক্ষীৰ সহযোগত অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং শালগছৰ টুকুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

অভিযানকাৰী দলটোৱে চেলাবড়ী গাঁওখনেৰে পাৰ হৈ যোৱা দেওশীলা নদীৰ পৰা চোৰাং গছৰ কুণ্ডাসমূহ উদ্ধাৰ কৰে ৷ জানিব পৰামতে ৰংজুলি আৰু ধূপধৰাৰ বনকৰ্মীৰ এটা দলে আৰক্ষীৰ সহযোগত ধূপধৰাৰ সমীপৰ পদুপাৰা চেলাবড়ী গাঁওত চোৰাং কাঠ মজুত কৰি ৰখাৰ বিৰুদ্ধে নিশা এক যৌথ অভিযান চলায় ৷

এই অভিযানত চেলাবড়ী গাঁৱৰ দেওশিলা নৈৰে সৰবৰাহ কৰাৰ উদ্দেশ্যৰে গছৰ কুণ্ডাসমূহ নাঁৱত ভৰ্তি কৰাৰ সময়তে জব্দ কৰা হয় ৷ অৱশ্যে আন্ধাৰৰ সুযোগ লৈ চোৰাং ব্যৱসায়ত জৰিত লোকসকল পলায়ন কৰে ৷

উল্লেখযোগ্য যে এই গছৰ কুণ্ডাসমূহ নৈ পানীৰ বালিৰ তলত লুকুৱাই ৰাখিছিল চোৰাং ব্যৱসায়ীসকলে ৷ অভিযানত শালকে ধৰি মুঠ এঘাৰ টা মূল্যবান গছৰ কুণ্ডা উদ্ধাৰ কৰা হয় ৷ ইফালে এই অভিযানতে আৰক্ষীয়ে পানীৰ পৰা পাঁচটাকৈ বালি উঠোৱা মেচিন জব্দ কৰি বনবিভাগক চমজাই দিয়ে ৷

assam dhupdhara