ধুবুৰীত শান্তিপূৰ্ণভাৱে অব্যাহত আছে ভোটগ্ৰহণ, দিনৰ ১১ বজালৈকে ৩১.৫২ শতাংশ ভোটগ্ৰহণ

ধুবুৰীত শান্তিপূৰ্ণভাৱে অব্যাহত আছে ভোটগ্ৰহণ, দিনৰ ১১ বজালৈকে ৩১.৫২ শতাংশ ভোটগ্ৰহণ

author-image
asomiyapratidin
New Update
ধুবুৰীত শান্তিপূৰ্ণভাৱে অব্যাহত আছে ভোটগ্ৰহণ, দিনৰ ১১ বজালৈকে ৩১.৫২ শতাংশ ভোটগ্ৰহণ

ডিজিটেল সংবাদ, ধুবুৰীঃ 'গণতান্ত্ৰিক দেশখনত সকলো ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক আৰু এখন সুস্থ চৰকাৰ গঠন কৰাত সহায় কৰক।' -এই আহ্বান কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ। ধুবুৰীৰ লগতে অসমৰ চৈধ্যখন আসনৰ ভিতৰত আঠখন আসনেই কংগ্ৰেছে লাভ কৰিব। নিৰ্বাচনৰ দিনা এই দাবী ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ। আজি ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ ছাগলীয়া এম ই স্কুল ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে আবু তাহেৰ বেপাৰীয়ে। নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আনন্দিত হৈ পৰা কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে নিজৰ জয় নিশ্চিত বুলি দাবী কৰি বিজেপি আৰু এসময়ৰ ৰাজনৈতিক গুৰু হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যৰ প্ৰসংগ উত্থাপন কৰি সমালোচনা কৰে।

উল্লেখযোগ্য যে, ধুবুৰীত প্ৰায় শান্তিপূৰ্ণভাৱে ভোটদান অনুষ্ঠিত হৈ আছে। দিনৰ ১১ বজালৈকে ধুবুৰীত ৩১.৫২% শতাংশ ভোটদান সম্পন্ন হয়। ধুবুৰীত অনুষ্ঠিত হৈ থকা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বৰ্তমানলৈ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি পোৱা হোৱা নাই৷ অৱশ্যে পুৱাৰ ভাগত কেইটামান ভোটগ্ৰহণ কেন্দ্ৰৰ ইভিএম বিকল হোৱাৰ বাতৰি পোৱা গৈছিল যদিও জিলা প্ৰশাসনে তৎকালে যথোচিত পদক্ষেপ লয়৷

আনহাতে ধুবুৰী লোকসভা আসনখনৰ অগপ, কংগ্ৰেছ আৰু টিএমচি প্ৰাৰ্থী তিনিওগৰাকী নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে৷ মিত্ৰজোঁটৰ জাবেদ ইছলামে মানকাচৰৰ এ এ লতিফ ইনষ্টিটুউচন উচ্চ মাধ্যমিক বিদ্যালয়ত সপত্নীক ভোটদান কৰে। ইপিনে জিলা প্ৰশাসনৰ ফালৰ পৰা দিব্যাংগ ভোটাৰ আৰু জ্যেষ্ঠ ভোটাৰ সকলৰ বাবে বিশেষ ব্যৱস্থা কৰিছে যদিও অসম-বংগ সীমান্তৰ ছাগলীয়াত কেইবাজনো জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটাৰে কোনোবাই কান্ধত উঠি আন কোনোবাই নিজৰ ট্ৰাই চাইকেলত উঠি আহি ভোটদান কৰিছে।