ৰাষ্ট্ৰীয় একতা দিৱসত বিলাসীপাৰাত বাটৰ নাট...

আজি ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৭ সংখ্যক পৱিত্ৰ জন্ম জয়ন্তী
dhuburi unity day
dhuburi unity day

ডিজিটেল সংবাদ, ধুবুৰী ঃ আজি ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৭ সংখ্যক পৱিত্ৰ জন্ম জয়ন্তী। লৌহ মানৱগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ একতাৰ এনাজৰীডাল দৃঢ় কৰাৰ প্ৰয়াসেৰে প্ৰতি বছৰে তেওঁৰ ওপজা দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰি অহা হৈছে ।

ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ধুবুৰী জিলা প্ৰশাসন আৰু ধুবুৰী জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত সোমবাৰে পুৱা একতাৰ বাবে দৌৰ'ৰ আয়োজন কৰা হয়। ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত জিলাখনৰ উপায়ুক্ত দিবাকৰ নাথে মুকলি কৰা একতাৰ দৌৰত অসংখ্য শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

আনহাতে আজি জিলাখনৰ বিলাসীপাৰাতো 'ৰাষ্ট্ৰীয় একতা দিৱস' উপলক্ষে পুৱা বিলাসীপাৰা আৰক্ষী প্ৰশাসনে বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়ৰ পৰা একতাৰ দৌৰ কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ অনুষ্ঠিত হোৱা একতাৰ দৌৰৰ কাৰ্যসূচীত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা, আৰক্ষী প্ৰশাসনৰ বিষয় ববীয়া, ভিন ভিন বিদ্যালয়ৰ এন চি চি কেডাৰ, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়েত্ৰী, চহৰখনৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠন,খেলুৱৈ সকলে অংশগ্ৰহণ কৰে।

বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যলয়ৰ পৰা শুভাৰম্ভ হোৱা একতাৰ দৌৰ বিলাসীপাৰা আৰক্ষী থানাত আহি অন্ত পৰে। আনহাতে ৰাষ্ট্ৰীয় একতা দিৱস তথা লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৭ সংখ্যক জন্ম দিন উপলক্ষে আজি বিলাসী পাৰা মহাবিদ্যালয়ৰ এন এছ এছৰ ছাত্ৰ-ছাত্ৰী সকলে একতা দৌৰ অনুষ্ঠিত কৰাৰ লগতে এখন বাটৰ নাটো পৰিৱেশন কৰে।

পৰিৱেশবিদ ড° হৰিচৰণ দাসে ৰচনা কৰা এই "সুৰক্ষিত অসমৰ বাবে বাটৰ নাট"ৰ উদ্যোক্তা হৈছে বিলাসীপাৰা ৰাজহ চক্ৰ আৰু দুৰ্যোগ প্ৰশমণ প্ৰাধিকৰণ। বাটৰ নাটক খন আজি নায়েৰ আলগা, গুটিপাৰা আৰু কাজাইকাটা চৰৰ গাঁৱত পৰিৱেশন কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in