ধুবুৰী জিলা উপায়ুক্তৰ সংবাদমেল, ৫ টা ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন

ধুবুৰী জিলা উপায়ুক্তৰ সংবাদমেল, ৫ টা ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন

author-image
asomiyapratidin
New Update
ধুবুৰী জিলা উপায়ুক্তৰ সংবাদমেল, ৫ টা ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন

ডিজিটেল সংবাদ,  ধুবুৰীঃ ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ৫টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচন আয়োগে নিৰ্দেশ দিয়াৰ পিছত ধুবুৰী জিলা প্ৰশাসন পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ উঠিছে৷ শনিবাৰে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে অনুষ্ঠিত কৰা এক সংবাদমেলত এই কথা ঘোষণা কৰে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে। লগতে ধুবুৰী নিৰ্বাচনী জিলাৰ ধুবুৰী আৰু গোলকগঞ্জৰ দুখন ভোটকেন্দ্ৰত নতুনকৈ ইভিএম সহ পলিং আৰু প্ৰিজাইডিং বিষয়াক কাইলৈ দুপৰীয়াৰ ভাগত পঠিওৱাৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰি দক্ষিণ শালমাৰা মানকাচৰ নিৰ্বাচনী জিলাৰ তিনিখন ভোটকেন্দ্ৰত দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে ভোট গ্ৰহণ অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, অহা ৬ মে'ৰ দিনা পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজাৰ পৰা ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ৫টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব৷ পুনৰ ভোটগ্ৰহণ হ'লগীয়া কেন্দ্ৰ কেইটাৰ ভিতৰত মানকাচৰ বিধানসভা সমষ্টিৰ ১৬৭ নং বাউসকাটা এম ই মাদ্ৰাছা (বাওঁফাল) দক্ষিণ শালমাৰাৰ ২২ নং কাটলিপাৰা এম ই মাদ্ৰাছা আৰু ২১৯ নং লাওখোৱা এল পি স্কুল, ধুবুৰীৰ ১৩ নং বাণী বিদ্যা মন্দিৰ এল পি স্কুল (সোঁফাল) আৰু গোলকগঞ্জ বিধানসভা সমষ্টিৰ ২৩২ নং নৱ ভাৰত পাঠশালা হাইস্কুল৷

আনহতে গোলকগঞ্জৰ নবভাৰত পাঠশালা হাইস্কুল ভোটকেন্দ্ৰৰ প্ৰিজাইডিং বিষয়াক কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন কৰাৰ বাবে নিৰ্বাচন আয়োগে ধুবুৰী জিলা উপায়ুক্তক নিৰ্দেশ দিয়াৰ লগতে বাণী বিদ্যা মন্দিৰ এল পি স্কুল ভোট কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া বুলি উল্লেখ কৰা হয় সংবাদমেলত। আজিৰ সংবাদমেলত জিলা উপায়ুক্তৰ লগতে জিলা ৰিটাৰ্ণিং বিষয়া, জিলা নিৰ্বাচনী বিষয়া, জিলা উন্নয়ন আয়ুক্ত, জিলা প্ৰকল্প বিষয়া, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি কেইবাজনো প্ৰসাশনিক বিষয়া উপস্থিত থাকে।